অসম

assam

ETV Bharat / state

শক্তি বিভাগৰ আজৱ কাণ্ড : এটা বাল্ব জ্বলোৱাৰ বিনিময়ত হাজাৰ হাজাৰ বিল - বিদ্যুতৰ বিল

ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টিৰ অন্তৰ্গত বকুল পঞ্চায়তৰ নিৱাসী এটি জৰাজীৰ্ণ টিনৰ চালিৰ তলত বাস কৰা ছালেহা বেগমৰ ঘৰত মাত্ৰ এটাই বিদ্যুৎ সংযোগী বাল্ব ৷ এটা বাল্ব লগোৱাৰ পাচতো প্ৰতিমাহে আহে হাজাৰ হাজাৰ টকাৰ বিদ্যুতৰ বিল । শক্তি বিভাগৰ এনে কাৰ্যৰ বিৰুদ্ধে ছালেহাই বিভাগীয় বিষয়াক বহু বাৰ অভিযোগ দিছে যদিও কোনো উত্তৰ পোৱা নাই ছালেমাই ৷

apdcl Impossible thing
শক্তি বিভাগৰ আজৱ কাণ্ড

By

Published : Nov 14, 2020, 10:04 PM IST

মৰাণ,14 নৱেম্বৰ : দৰিদ্ৰ সীমা ৰেখাৰ তলৰ ব্যক্তিৰ বাসগৃহত পৰিৱৰ্তনকামী বিজেপি চৰকাৰে বিনামূলীয়া বিদ্যুৎ যোগান ধৰাৰ সময়তে ডিব্ৰুগড়ত শক্তি বিভাগে সংঘটিত কৰিছে এক আজৱ কাণ্ড ।

শক্তি বিভাগৰ আজৱ কাণ্ড

ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টিৰ অন্তৰ্গত বকুল পঞ্চায়তৰ নিৱাসী 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এটি জৰাজীৰ্ণ টিনৰ চালিৰ তলত বাস কৰা এগৰাকী মহিলা ছালেহা বেগম । ছালেহা বেগমৰ এক গুৰুতৰ অভিযোগ অনুসৰি, ঘৰত মাত্ৰ এটা বাল্ব লগোৱাৰ পাচতো প্ৰতিমাহে আহে হাজাৰ হাজাৰ টকাৰ বিদ্যুতৰ বিল ।

উপায়হীন হৈ বিভাগীয় বিষয়াক বহু বাৰ অভিযোগ দিছে যদিও ডিব্ৰুগড় বিদ্যুৎ সংমণ্ডল বিষয়াসকলে অলপো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে মহিলা গৰাকীয়ে ।

কেৱল মাত্ৰ তদন্ত কৰাৰ প্ৰতিশ্ৰুতি দি অহা শক্তি বিভাগে এই পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই । শক্তি বিভাগৰ এনে আজৱ কাণ্ডই এতিয়া সকলোৰে চকু কপালত তোলা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক :ৰঙাপৰাত সমুখ সমৰত হাতী-মানুহ

ABOUT THE AUTHOR

...view details