মৰাণ, 12 মে’ : সমগ্ৰ দেশজুৰি কৰ’ণাৰ দ্বিতীয় ঢৌৱে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে ডিব্ৰুগড় জিলাৰ খোৱাঙৰ সোণোৱাল বঙালী গাঁৱত আগমণ ঘটিছে শতাধিক বগলীৰ ৷ ভিন্ন প্ৰজাতিৰ বগলী গাঁওখনৰ দিলীপ হাজৰিকা নামৰ লোকজনৰ বাসগৃহৰ চৌহদৰ বাঁহনিত দেখিবলৈ পোৱা গৈছে ।
প্ৰতিবছৰে ছমাহৰ বাবে লোকজনৰ বাৰীৰ বাঁহনিতে আশ্ৰয় লোৱা বগলীবোৰে পোৱালী জগাই তাতেই পোহ-পাল দিয়া পৰিলক্ষিত হৈছে । বগলীৰ বাসস্থান হৈ পৰা বাঁহনিখনৰ গৰাকী দিলীপ হাজৰিকাই জানিবলৈ দিয়া মতে, বিগত বহু বছৰৰ পৰা প্ৰতিবছৰে ছমাহৰ বাবে শতাধিক বগলী তেওঁৰ বাঁহনিলৈ আহে ।