মৰাণ, 5 জানুৱাৰী:সম্পূৰ্ণ এবছৰৰ পাচত ৰাজ্যত পুনৰ আৰম্ভ হৈছে কা বিৰোধি আন্দোলন ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন্মস্থান চাবুৱাত পুনৰ 'কা' বাতিলৰ দাবীত সৰৱ সদৌ অসম ছাত্ৰ সন্থা। মঙলবাৰে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত চাবুৱাৰ টাউনত 'কা' বাতিলৰ দাবীত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে।
চাবুৱাত 'কা' বাতিলৰ দাবীত আছুৰ মানৱ শৃংখল কাৰ্যসূচী - human chain by AASU
ৰাজ্যত পুনৰ আৰম্ভ হৈছে কা বিৰোধী আন্দোলন ৷ মঙলবাৰে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন্মস্থান চাবুৱাত কা' বাতিলৰ দাবীত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাই ৷
চাবুৱাত 'কা' বাতিলৰ দাবীত আছুৰ মানৱ শৃংখল কাৰ্যসূচী
শতাধিক আছু কৰ্মীয়ে অংশগ্ৰহণ কৰা মানৱ শৃংখল কাৰ্যসূচীত অসম চৰকাৰ হুচিয়াৰ,বিজেপি চৰকাৰ হায় হায়,খিলঞ্জীয়াই কা নামানো,'কা' বাতিল হ'বই লাগিব আদি বিভিন্ন শ্ল'গান দি চাবুৱাৰ পৰিৱেশ উত্তাল কৰি তোলে ৷
লগতে পঢ়ক:নাওবৈচাৰ পাভত কৃষক মুক্তিৰ মানৱ শৃংখল কাৰ্যসূচী
Last Updated : Jan 5, 2021, 5:51 PM IST