অসম

assam

By

Published : May 18, 2021, 1:23 PM IST

ETV Bharat / state

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উদ্যোগত ভিন্ন বিষয়ৰ অনলাইন প্ৰতিযোগিতা

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মফিজুদ্দিন আহমেদ হাজৰিকা ছাত্ৰ নিৱাসৰ উদ্যোগত সদৌ অসম ভিত্তিত অসমীয়া সাহিত্য জগতৰ মহীৰূহ তথা বিশিষ্ট সাংবাদিক, কবি, সমালোচক হোমেন বৰগোহাঞিৰ সোঁৱৰণত সাহিত্য আৰু সুকুমাৰ কলা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব ৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মফিজুদ্দিন আহমদ হাজৰিকা ছাত্ৰ নিবাসৰ উদ্যোগত ক‘ভিডকালীন ৰাজ্যিক পৰ্যায়ত অনলাইন প্ৰতিযোগিতা
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মফিজুদ্দিন আহমদ হাজৰিকা ছাত্ৰ নিবাসৰ উদ্যোগত ক‘ভিডকালীন ৰাজ্যিক পৰ্যায়ত অনলাইন প্ৰতিযোগিতা

ডিব্ৰুগড়,18 মে’: ক’ভিডকালীন পৰিস্থিতিৰ সময়ত ছাত্ৰ-ছাত্ৰীসকল ঘৰতে আৱদ্ধ হৈ থকাৰ অৱস্থাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ঐতিহ্যমণ্ডিত ছাত্ৰ নিৱাস মফিজুদ্দিন আহমেদ হাজৰিকা ছাত্ৰ নিৱাসৰ এক উল্লেখনীয় প্ৰচেষ্টা গ্ৰহণ ৷ মফিৰ উদ্যোগত সদৌ অসম ভিত্তিত অসমীয়া সাহিত্য জগতৰ মহীৰূহ তথা বিশিষ্ট সাংবাদিক, কবি, সমালোচক হোমেন বৰগোহাঞিৰ সোঁৱৰণত ৰাজ্যিক পৰ্যায়ৰ সাহিত্য আৰু সুকুমাৰ কলা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব ৷ এই কথা প্ৰকাশ কৰিছে প্ৰতিষোগিতাসমূহৰ দায়িত্বত থকা ছাত্ৰ-ছাত্ৰীসকলে ৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উদ্যোগত ভিন্ন বিষয়ৰ অনলাইন প্ৰতিযোগিতা

সদৌ অসম ভিত্তিত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাসমূহ হৈছে- প্ৰবন্ধ প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা আৰু কবিতা প্ৰতিযোগিতা ৷ ইয়াৰে প্ৰবন্ধ প্ৰতিযোগিতাৰ বিষয় হৈছে -‘ক’ভিডকালীন পৰিস্থিতিত অসমৰ সাম্প্ৰতিক শিক্ষা ব্যৱস্থাৰ ওপৰত পৰা প্ৰভাৱ: প্ৰত্যাহ্বান আৰু প্ৰত্যাশা’, একেদৰে চিত্ৰাংকন প্ৰতিযোগিতাৰ বিষয় হৈছে: ‘নাৰী সুৰক্ষা আৰু সবলীকৰণ’ আৰু কবিতাৰ বিষয় স্ব-নিৰ্বাচিত বুলি জানিবলৈ দিছে ৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উদ্যোগত ভিন্ন বিষয়ৰ অনলাইন প্ৰতিযোগিতা

উল্লেখ্য যে, প্ৰতিযোগীসকলে তেওঁলোকৰ লিখনিসমূহ জমা দিয়াৰ অন্তিম দিন ৩০ জুন ৷ প্ৰতিযোগীসকলে হোৱাটচ এপ আৰু ই-মেইলযোগে লেখাসমূহ প্ৰেৰণ কৰিব পাৰিব ৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উদ্যোগত ভিন্ন বিষয়ৰ অনলাইন প্ৰতিযোগিতা

আনহাতে, প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান বিজয়ীসকলক প্ৰাইজমানি আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰা হ’ব ৷ মফিজুদ্দিন আহমেদ হাজৰিকা ছাত্ৰ নিৱাসে তেওঁলোকৰ এই অনুষ্ঠানত সকলোৰে সহায়-সহযোগিতা কামনা কৰিছে ৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উদ্যোগত ভিন্ন বিষয়ৰ অনলাইন প্ৰতিযোগিতা

লগতে পঢ়ক : মিজোৰামত ক’ভিড চেণ্টাৰত স্বেচ্ছামূলক সেৱা নাৰ্চিঙৰ ছাত্ৰীৰ

ABOUT THE AUTHOR

...view details