ডিব্ৰুগড়,9 মাৰ্চঃ ডিব্ৰুগড়ত যুৱ নেতা তৰংগ গগৈৰ সৈতে মনোনয়ন দাখিল কৰিবলৈ বিশাল ৰেলীৰে আহিল ডঃ হিমন্ত বিশ্ব শৰ্মা । বহুচৰ্চিত নাহৰকটীয়াৰ বিজেপি প্ৰাৰ্থী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ হিচাপে খ্যাত যুৱনেতা তৰংগ গগৈয়ে মঙলবাৰে দাখিল কৰে মনোনয়ন ৷ গগৈৰ মনোনয়ন দাখিলৰ সময়ত উপস্থিত থকা দেখা যায় মন্ত্ৰী ডঃ শৰ্মাক । নাহৰকটীয়া সমষ্টিৰ বিজেপিৰ টিকটৰ অন্যতম দুই দাবীদাৰ বিকুল ডেকা আৰু ৰঞ্জিত বৰুৱাক লগত লৈ তৰংগ গগৈ আহে মনোনয়ন দাখিল কৰিবলৈ ।
মনোনয়ন দাখিল: তৰংগ গগৈক সংগ প্ৰদান হিমন্ত বিশ্ব শৰ্মাৰ - তৰংগ গগৈ
বহুচৰ্চিত নাহৰকটীয়াৰ বিজেপি প্ৰাৰ্থী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ হিচাপে খ্যাত যুৱনেতা তৰংগ গগৈয়ে মঙলবাৰে দাখিল কৰে মনোনয়ন ৷ গগৈৰ মনোনয়ন দাখিলৰ সময়ত উপস্থিত থকা দেখা যায় ডঃ হিমন্ত বিশ্ব শৰ্মাক ।
ইপিনে সাংবাদিকে ডঃ হিমন্ত বিশ্ব শৰ্মাক এইবেলি নিৰ্বাচনত কোন প্ৰতিদ্বন্দ্বী হ'ব বুলি প্ৰশ্ন কৰাত শৰ্মাই কয় যে, এইবাৰ নিৰ্বাচন বিজেপিৰ কাৰণে গলকীপাৰ নথকা প্ৰতিদ্বন্দ্বিতা ৷ লগতে মন্ত্ৰীগৰাকীৰয়ে কয় যাৰ ইচ্ছা সিয়েই গ’ল দিব পাৰিব এইবেলি নিৰ্বাচনত ৷
আনহাতে লুৰিণ আৰু অখিল গগৈৰ সৰ্ন্দভত কৰা প্ৰশ্নৰ উত্তৰত হিমন্ত বিশ্ব শৰ্মাই কয় যে, তেওঁলোক ৰাজনীতিলৈ নতুনকৈ অহা ল'ৰা ৷ তৰংগ গগৈ নিৰ্বাচনত জয়ী হ’ব নে বুলি সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী শৰ্মাই তৰংগ গগৈয়ে নহয়, এইবাৰ বিজেপিৰ সকলোৱেই নিৰ্বাচনত জয় লাভ কৰিব বুলি দাবী কৰে ৷
লগতে পঢ়কঃ৩৬ বছৰ সেৱা আগবঢ়াই কংগ্ৰেছ এৰিলে কল্যাণ গগৈয়ে