ডিব্ৰুগড়, 25 মাৰ্চ:বুধবাৰে ডিব্ৰুগড়ত ৰণডংকা বজালে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ লাহোৱাল সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিনোদ হাজৰিকাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে নেডাৰ আহ্বায়ক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
ডিব্ৰুগড়ৰ লাহোৱাল বিধান সভা সমষ্টিত থাকিব দুজনকৈ বিধায়ক ৷ ৰাজ্যৰ ১২৬ খন বিধান সভা সমষ্টিৰ ১২৬ জন বিধায়ক নহয় । থাকিব ১২৭ জন বিধায়ক ৷ হয়, ডিব্ৰুগড়ৰ লাহোৱাল বিধান সভা সমষ্টিত থাকিব দুজন বিধায়ক । সেয়ে এইবাৰ মুঠ বিধায়কৰ সংখ্যা হ’বগৈ ১২৭ জন । লাহোৱালত আগতে এজন বিধায়ক আছিল, এতিয়া লাহোৱালত দুজন হ’ব বিধায়ক । ঋতুপৰ্ণ বৰুৱা আৰু বিনোদ হাজৰিকা দুজনকৈ বিধায়ক পাব লাহোৱাল সমষ্টিৰ ৰাইজে । এই বুলি নিৰ্বাচনী সভাত ৰাইজৰ আগত মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷