অসম

assam

By

Published : Jan 7, 2021, 6:57 AM IST

Updated : Jan 7, 2021, 8:01 AM IST

ETV Bharat / state

চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা ডিকমৰ এটি পৰিয়াল

ডিব্ৰুগড়ৰ ডিকম নাহৰচুক গাঁৱৰ এটি দুৰ্ভগীয়া পৰিয়াল ৷ পৰিয়ালটোলৈ সহায়ৰ হাত আগবঢ়াইছে কিৰণ ভূঞা নামৰ ব্যক্তিগৰাকীয়ে ৷

helping hand story of dibrugarh assam etv bharat news
চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা ডিকমৰ এটি পৰিয়াল

মৰাণ,7 জানুৱাৰী:দুবেলা দুসাঁজ সংগ্ৰহ কৰিবলৈ অক্ষম এটি পৰিয়াল ৷ ডিব্ৰুগড়ৰ ডিকম নাহৰচুক গাঁৱৰ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী ৰিণিকি সন্দিকৈ নামৰ বৃদ্ধাগৰাকী ৷ বৃদ্ধাগৰাকীৰ স্বামী তিলিকা সন্দিকৈ আৰু দুই পুত্ৰ বিশেষভাৱে সক্ষম হোৱাৰ হেতুকে দুবেলা দুমুঠি সংগ্ৰহ কৰি ভোক নিবাৰণ কৰিবলৈ দীৰ্ঘদিনে সংগ্ৰাম কৰি আহিছে বৃদ্ধাগৰাকীয়ে ৷ জিলাখনৰ চুকে-কোণে দিনটো ঘূৰি সংগ্ৰহ কৰা ধন অথবা খাদ্য সামগ্ৰীৰে পোহপাল যোৱা পৰিয়ালটোৱে লাভ কৰা নাই কোনো চৰকাৰী সাহায্য ৷ বুধবাৰে বৃদ্ধা মহিলাগৰাকীক ডিব্ৰুগড়ৰ উদ্যমী ব্যক্তি কিৰণ ভূঞাই আকস্মিকভাৱে সাক্ষাৎ পোৱাৰ পিছত প্ৰদান কৰে কিছু খাদ্য সামগ্ৰীৰ লগতে নগদ ধন ৷ লগতে পৰিয়ালটোৰ তিনিওগৰাকী সদস্যক চিকিৎসা প্ৰদানৰ আশ্বাস দিয়ে ৷

চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা ডিকমৰ এটি পৰিয়াল

উল্লেখ্য যে, চৰকাৰে দৰিদ্ৰ শ্ৰেণীৰ কল্যাণৰ হকে ৰাজ্যত মুকলি কৰিছে বহুকেইখন আঁচনি ৷ কিন্তু এই আঁচনিসমূহৰ পৰা দৰিদ্ৰসকল বঞ্চিত হৈ অহাৰ অভিযোগো ৰাজ্যৰ ভিন্ন স্থানত উত্থাপিত হৈছে ৷ জননেতাৰ চকুত এলাগী এনেবোৰ পৰিয়ালৰ বাবে প্ৰয়োজন সদাশয় ৰাইজৰ সহায়ৰ ৷ কিৰণ ভূঞাই পৰিয়ালটোৰ ক্ষেত্ৰত গ্ৰহণ কৰা এনে প্ৰচেষ্টাক প্ৰশংসা কৰিছে সচেতন মহলে ৷

লগতে চাওকঃধুবুৰীত বিজেপিৰ বিশাল ৰাজহুৱা সভা

Last Updated : Jan 7, 2021, 8:01 AM IST

ABOUT THE AUTHOR

...view details