অসম

assam

ETV Bharat / state

চাবুৱাত গৰ্ভৱতী মহিলাৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু সজাগতা কাৰ্যসূচী - মানৱ সেৱা

গৰ্ভৱতী মহিলাৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু সজাগতা সভা পাতি এগৰাকী মাতৃ আৰু শিশুৰ স্বাস্থ্য সম্পৰ্কে পৰামৰ্শ প্ৰদান কৰাৰ লগতে সন্তান জন্ম হোৱাৰ সময়ত মাতৃৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ উদ্দেশ্য চাবুৱা অঞ্চলৰ চাহ বাগিচা আৰু গ্ৰাম্যাঞ্চলৰ মহিলা সকলক সামৰি এই কাৰ্যসূচীটো গ্ৰহণ কৰে বে-চৰকাৰী সংস্থা ‘মানৱ সেৱা’ই ৷

health camp in chabua
চাবুৱাত শতাধিক গৰ্ভৱতী মহিলাৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু সজাগতা কাৰ্যসূচী

By

Published : Apr 9, 2021, 10:34 PM IST

9 এপ্ৰিল,চাবুৱা : চাবুৱা অঞ্চলৰ বে-চৰকাৰী সংস্থা সমূহৰ অন্যতম অগ্ৰণী সংস্থা হৈছে ‘মানৱ সেৱা’ ৷ বিগত বৰ্ষতে গঠন হোৱা সংস্থাটোৱে স্বেচ্চাসেৱা মূলক কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰি অহাৰ সময়তে আজি স্বাস্থ্য বিষয়ক এক কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ গৰ্ভৱতী মহিলাৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু সজাগতা সভা পাতি এগৰাকী মাতৃ আৰু শিশুৰ স্বাস্থ্য সম্পৰ্কে পৰামৰ্শ প্ৰদান কৰাৰ লগতে সন্তান জন্ম হোৱাৰ সময়ত মাতৃৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ উদ্দেশ্য চাবুৱা অঞ্চলৰ চাহ বাগিচা আৰু গ্ৰাম্যাঞ্চলৰ মহিলা সকলক সামৰি এই কাৰ্যসূচীটো গ্ৰহণ কৰে সংস্থাটোৱে ৷

চাবুৱাত শতাধিক গৰ্ভৱতী মহিলাৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু সজাগতা কাৰ্যসূচী

উল্লেখযোগ্য যে, শুকুৰবাৰৰ কাৰ্যসূচীত ১৫০ গৰাকীতকৈও অধিক গৰ্ভৱতী মহিলাই সংস্থাটোৰ আহ্বানৰ প্ৰতি সঁহাৰি জনোৱাৰ লগতে জিলা স্বাস্থ্য বিভাগেও আগবঢ়ায় পূৰ্ণ সহযোগিতা ৷ চাবুৱাস্থিত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ সকলো চিকিৎসকে প্ৰতিগৰাকী মহিলাৰ পৰীক্ষা কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে ৷

আদৰ্শ চিকিৎসালয় খনৰ চৌহদতে অনুষ্ঠিত হোৱা সজাগতা সভাখনিত যুটীয়া স্বাস্থ্য সঞ্চালককে ধৰি পানীতোলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য বিষয়া আৰু মানৱ সেৱাৰ কৰ্মকৰ্তা সকলো উপস্থিত থাকে ৷

লগতে পঢ়ক :আখলত ব্যস্ত তিনিচুকীয়াৰ পিঠা বাইদেউ আখলত ব্যস্ত তিনিচুকীয়াৰ পিঠা বাইদেউ

ABOUT THE AUTHOR

...view details