মৰাণ, 19 ছেপ্টেম্বৰ :পেচাত এজন ফেৰীৱালা বিকি বাক্কাৰ খান নামৰ যুৱকজন ৷ মূলতঃ দিল্লীৰ যুৱকজনে অসমত কৰা ব্যৱসায় সূত্ৰে ডিব্ৰুগড়ৰ বকুল অঞ্চলৰ মাজ গাঁৱত এটা ঘৰ ভাড়ালৈ লৈ বসবাস কৰি আছিল ৷ ভাড়া ঘৰটোৰ ওচৰতে থকা এটা দৰিদ্ৰ পৰিয়ালৰ এগৰাকী যুৱতীৰ ওপৰত চকু পৰিল দিল্লীৱালা ফেৰীৱালা বিকিৰ ৷ ভবা মতেই কামত নামিল বিকি বাক্কাৰ খান নামৰ যুৱকজন ৷
প্ৰথমতে চা-চিনাকি তাৰ পিছত যুৱতী গৰাকীৰ সৈতে সম্পৰ্ক আৰম্ভ কৰিলে তেওঁ ৷ কেৱলমাত্ৰ সিমানতেই থমকি ৰৈ থকা নাছিল কথাবোৰ ৷ নিজৰ জালেৰে এখোপ এখোপকৈ যুৱতীগৰাকীক বান্ধি পেলাইছিল বিকিয়ে ৷ ইয়াৰ পিছতেই বিকিৰ ফালৰ পৰাই যুৱতীগৰাকীলৈ আহিল, বিৱাহৰ প্ৰস্তাৱ ৷ এই পন্থা লৈ বিকি বাক্কাৰ খানে যুৱতীগৰাকীৰ সৈতে অধিক ঘনিষ্ঠ হ’বলৈ সক্ষম হয় ৷