অসম

assam

By

Published : Aug 12, 2020, 4:22 PM IST

ETV Bharat / state

বিভিন্ন দাবীৰে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ

অসমৰ নাহৰটীয়া সমষ্টিৰ অন্তৰ্গত বিভিন্ন স্থানত পূৰ্বৰে পৰা বসবাস কৰি অহা গোৰ্খাসকলৰ বিভিন্ন সমস্যা উল্লেখ কৰি এই সমস্যা সমূহ শীঘ্ৰে সমাধানৰ দাবীৰে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা(আগছু)ই অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে এখন স্মাৰকপত্ৰ ।

Gorkha student submitted memorandum to CM of Assam to fulfill their demand
বিভিন্ন দাবীৰে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ

নাহৰকটীয়া, ১২আগষ্ট : অতীজৰে পৰা অসমত বসবাস কৰি অহা গোৰ্খা সম্প্ৰদায়ৰ লোক সকলে সন্মুখীন হৈ আহিছে বহুকেইটা গুৰুত্বপূৰ্ণ সমস্যাৰ । এই সমস্যা সমূহৰ সমাধানৰ দাবীৰে বিভিন্ন সময়ত সম্প্ৰদায়টোৱে চৰকাৰক দৃষ্টি গোচৰ কৰি আহিছে যদিওঁ চৰকাৰৰ পৰা পোৱা নাই কোনো বিশেষ সহাঁৰি ।

গোৰ্খাসকলে সন্মুখীন অহা বহুকেইটা গুৰুত্বপূৰ্ণ সমস্যাৰ সমাধানৰ দাবীৰে বুধবাৰে সম্প্ৰদায়টোক নেতৃত্ব দি অহা ছাত্ৰ সংগঠন সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা(আগছু)ই ডিব্ৰুগড় জিলাৰ উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ পেৰণ কৰে এখনি স্মাৰক পত্ৰ ।

নাহৰকটীয়া ৰাজহ চক্ৰ বিষয়াৰ মাৰ্ফৎ-ত জিলা উপায়ুক্তৰ জড়িয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা গোৰ্খা সকলৰ ১৭ টাকৈ দাবী সম্বলিত এই স্মাৰক পত্ৰখনত নাহৰকটীয়াত ভূমি আবণ্টন কৰি গোৰ্খা জনগোষ্ঠীয় ভৱনৰ লগতে ছাত্ৰবাস নিৰ্মাণৰ ব্যৱস্থা কৰা, সমষ্টিটোৰ অন্তৰ্গত দাহাল কোলাৰা গাঁৱ(১ নং দিচাং কিনাৰ)ৰ গড়াখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰা আদিৰ দৰে সমস্যা সমূহ উল্লেখ কৰা পৰিলক্ষিত হয় ।

তাৰোপৰি নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত চাচনী, উষাপুৰ, জয়পুৰ, ঘিলাগুৰিকে ধৰি গোৰ্খা সম্প্ৰদায়ৰ লোক সকল বসবাস কৰা গাঁও সমূহত কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা, অসম চিকিৎসা মহাবিদ্যালয়ত প্ৰতি বছৰে সংসদীয় পুঁজিৰে দুগৰাকীকৈ গোৰ্খা সম্প্ৰদায়ৰ দৰিদ্ৰ মেধাবী ছাত্ৰ-ছাত্ৰীক শিক্ষা গ্ৰহণৰ ব্যৱস্থা গ্ৰহণ কৰা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ত প্ৰতিবছৰে সম্প্ৰদায়টোৰ দৰীদ্ৰ মেধাবী ছাত্ৰ-ছাত্ৰীক শিক্ষা গ্ৰহণৰ ব্যৱস্থা কৰা, বৃহত্তৰ নাহৰকটীয়া অঞ্চলৰ নিবনুৱা সকলক সংস্থাপিত কৰিবলৈ আচঁনি গ্ৰহণ কৰা আদি বিষয়ৰ সমস্যা সমূহ উল্লেখ কৰি স্মাৰক পত্ৰখনৰ জড়িয়তে ইয়াৰ শীঘ্ৰে সমাধানৰ দাবী উত্থাপন কৰিছে ।

১৭টাকৈ দাবী সম্বলিত এই স্মাৰক পত্ৰখনত নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত গাঁও সমূহত অত্যাধুনিক পুথিভৰাল নিৰ্মাণৰ বাবে আচঁনি প্ৰস্তুত কৰা, খেতি-বাতিৰ লগত জড়িত গোৰ্খা সকলক বিজ্ঞান সন্মতভাবে খেতি কৰিবলৈ প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা, নাহৰকটীয়া টিপাম ফাকিয়াল গাওঁ পঞ্চায়তৰ অধীনস্থ ৮ নং টিয়কি গাঁৱত ১৯৪৭ চনত স্থাপিত ঐতিহ্য মণ্ডিত শিৱ মন্দিৰটো পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হোৱাকৈ পুনৰ নিৰ্মাণৰ বাবে 'অসম দৰ্শন' আঁচনিৰ অধীনত পূঁজি ঘোষণা কৰিবলৈকো দাবী উত্থাপন কৰা হয় ।

ABOUT THE AUTHOR

...view details