অসম

assam

ETV Bharat / state

ডিব্ৰুগড় বিমানবন্দৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ সোণ - etv bharat

ঘটনা সন্দৰ্ভত এগৰাকী ব্যক্তিক আটক কৰিছে বিমানবন্দৰৰ নিৰাপত্তাৰক্ষীয়ে

ডিব্ৰুগড় বিমানবন্দৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ সোণ

By

Published : May 7, 2019, 6:31 PM IST

Updated : May 7, 2019, 10:47 PM IST

ডিব্ৰুগড়, 7 মে': ডিব্ৰুগড় বিমানবন্দৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ সোণ। ইণ্ডিগ' বিমানযোগে দিল্লীলৈ গুহ্যদ্বাৰত ভৰাই লৈ যোৱাৰ সময়তে জব্দ হয় সোণৰ বিস্কুটখিনি। নিৰাপত্তাৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ হয় সোণখিনি।

ডিব্ৰুগড় বিমানবন্দৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ সোণ

বিমান বন্দৰৰ নিৰাপত্তাৰ দায়িত্বত থকা কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীৰ CISF হাতত সোণৰ বিস্কুটসহ ধৰা পৰে। ডিব্ৰুগড়ৰ পৰা কলকতা হৈ দিল্লীলৈ যাব লগা ইণ্ডিগ' বিমানৰ সকলো যাত্ৰীৰ নিৰাপত্তাসূচক পৰীক্ষা কৰি থাকোতেই মেহেতা নামৰ লোকজনৰ ওপৰত কিছু সন্দেহ উপজাৰ পাচত মেহেতাক একাষৰীয়া কৰি মেটেল ডিটেক্টৰৰ সহায়ত তন্ন তন্নকৈ পৰীক্ষা কৰাত এক সংকেত লাভ কৰে। সংকেট লাভ কৰাৰ পিছত মেহেতা নামৰ ব্যক্তিগৰাকীক এক আচুতীয়া কোঠালৈ লৈ যোৱা হয় ৷

উক্ত কোঠাত মেহেতাক তালাচী চলোৱা স্বত্বেও একো বিছাৰি নোহোৱাত মেহেতাইও শীঘ্ৰে দিল্লী পাবগৈ লাগিব বুলি ঔদ্যোগিক নিৰাপত্তাৰক্ষী সকলক জনায় ৷ একো আপত্তিজনক বস্তু উদ্ধাৰ কৰিব নোৱাৰি বিমোৰত পৰে নিৰাপত্তাৰক্ষী সকল । পৰৱৰ্তী সময়ত মোহনবাৰী বিমানবন্দৰ সন্ত্ৰাসবাদী আক্ৰমনৰ লক্ষ্য হব পৰাৰ বাতৰি বিয়পি পৰাত ঘটনাটো সহজভাবে নলৈ মেহেতাৰ ওপৰত তীব্ৰ মানসিক চাপ আৰু ভয় প্ৰয়োগ কৰাত অৱশেষত ভয়ত বিতত হৈ মেহেতাই তেঁওৰ গুহ্যদ্বাৰত সোণ লৈ অহাৰ কথা স্বীকাৰ কৰে। ইয়াৰ পিছত মেহেতাক বিভিন্ন কৌশল কৰি পায়খানা কৰোৱাৰ ব্যৱস্থা কৰোৱা হয়। আনকি গুহ্যদ্বাৰৰ পৰা সোণখিনি উলিওৱাত দুজনকৈ চুইপাৰকো নিয়োগ কৰি অৱশেষত ৯ খনকৈ সোণৰ বিস্কুট উদ্ধাৰ কৰা হয় ৷

একোখন সোণৰ বিস্কুতৰ ওজন প্ৰায় ২৫০ গ্ৰাম। অৰ্থাৎ প্ৰায় দুইকেজিৰ অধিক সোণ ৬০ উৰ্ধৰ ব্যক্তিজনে দিল্লীলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছিল । লগেলগে নিৰাপত্তা বাহিনীয়ে চমন লাল মেহেতাক গ্ৰেপ্তাৰ কৰি শুল্ক বিভাগ আৰু আৰক্ষীক খবৰ দিয়ে। সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

Last Updated : May 7, 2019, 10:47 PM IST

ABOUT THE AUTHOR

...view details