অসম

assam

পৰীক্ষা নীতি সন্দৰ্ভত বিশেষজ্ঞ সমিতিৰ প্ৰতি আস্থাবান আছু

By

Published : Jun 26, 2021, 10:31 PM IST

ৰাজ্য চৰকাৰে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা বাতিল কৰি মূল্যায়নৰ আধাৰত ফলাফল ঘোষণা কৰিবলৈ এখন বিশেষজ্ঞ সমিতি গঠন কৰি দিছে ৷ এতিয়া বিশেষজ্ঞ সমিতিখনৰ ওপৰত সম্পূৰ্ণ আস্থা প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই(All Assam Students' Union ) ৷ শেহতীয়াকৈ সংগঠনটোৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই মন্তব্য প্ৰকাশ কৰি কয় যে, ছাত্ৰ-ছাত্ৰীসকলে বিশেষজ্ঞ সমিতিৰ ওপৰত আস্থা ৰাখিয়ে ভৱিষ্যতৰ শৈক্ষিক জীৱনৰ বাবে সাজু হ’ব লাগিব ৷

general-secretary-of-aasu-talking-about-hslc-and-hs-examination
পৰীক্ষা নীতি সন্দৰ্ভত বিশেষজ্ঞ সমিতিৰ প্ৰতি আস্থাবান আছু

মৰাণ, 26 জুন : সমগ্ৰ ৰাজ্যৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা ছাত্ৰ-ছাত্ৰীসকল বৰ্তমান সময়ত চূড়ান্ত অনিশ্চয়তাৰ মাজত আছে । এই সময়তে ৰাজ্য চৰকাৰে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা বাতিল কৰি মূল্যায়নৰ আধাৰত ফলাফল ঘোষণা কৰিবলৈ এখন বিশেষজ্ঞ সমিতি গঠন কৰি দিছে ৷ সম্প্ৰতি এই বিশেষজ্ঞ সমিতিখনক লৈ আশা প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই(All Assam Students' Union) ৷ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকক নিৰাশ নকৰিব বুলি আশা প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক(AASU General Secretary) শংকৰজ্যোতি বৰুৱা(Sankor Jyoti Barua)ই ৷

পৰীক্ষা নীতি সন্দৰ্ভত বিশেষজ্ঞ সমিতিৰ প্ৰতি আস্থাবান আছু

নাহৰকটীয়াত সাংবাদিকৰ সৈতে হোৱা মুখামুখিত আছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে এই কথাও ব্যক্ত কৰে যে, নতুন শিক্ষানীতি প্ৰযোজ্য হোৱাৰ লগে লগে পূৰ্বৰ মাদকতা থকা মেট্ৰিক পৰীক্ষা বা স্থান দখলৰ প্ৰাসংগিকতা আৰু নাথাকিব । বৰ্তমানৰ ক'ভিডজনিত পৰিস্থিতিত ছাত্ৰ-ছাত্ৰীসকলে বিশেষজ্ঞ সমিতিৰ ওপৰত আস্থা ৰাখিয়ে ভৱিষ্যত শৈক্ষিক জীৱনৰ বাবে সাজু হ’ব লাগিব ৷ উল্লেখ্য যে, মেট্ৰিক তথা হায়াৰ চেকেণ্ডাৰী পৰীক্ষা পদ্ধতিৰ সমগ্ৰ পক্ৰিয়াটোৰ সম্পৰ্কে সদৌ অসম ছাত্ৰ সন্থা পৰীক্ষা নিয়ন্ত্ৰণকাৰী ব’ৰ্ড বিশেষকৈ ছেবা(SEBA)ৰ সৈতে কেইবালানিও বৈঠকত মিলিত হৈছিল ৷ লগতে পৰীক্ষাৰ পদ্ধতিসমূহ ছাত্ৰ-ছাত্ৰীৰ হকে সোনকালে আৰু সঠিকভাৱে প্ৰকাশ পোৱাৰ পোষকতা কৰিছিল ৷

লগতে পঢ়ক :কেনেদৰে চলিছে সোণোৱালৰ সপোনৰ মিনি সচিবালয়ৰ নিৰ্মাণৰ কাম ?

ABOUT THE AUTHOR

...view details