মৰাণ,12 মে’ : ৰাজ্যত কৰ’ণাৰ ভয়াৱহ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মিনি লকডাউনে ৰাইজক চিন্তিত কৰি তোলাৰ সময়তে এইবাৰ আন এক সমস্যাৰ সন্মুখীন হৈছে ৰাজ্যবাসী । ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে ডিব্ৰুগড়ৰ মৰাণতো এলপিজি ট্ৰান্সপ’ৰ্ট এছ’চিয়েশ্যনে মঙলবাৰৰ পৰা অনিৰ্দিষ্টকাললৈ ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছে ৷
মৰাণত মিনি লকডাউনৰ মাজতে ৰন্ধন গেছৰ নাটনি - gas cylinder unavailable
মৰাণত মঙলবাৰৰ পৰা অনিৰ্দিষ্টকাললৈ ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ এলপিজি ট্ৰান্সপ’ৰ্ট এছ’চিয়েশ্যনৰ ৷ যাৰ ফলস্বৰূপে এলপিজি ৰন্ধন গেছ চিলিণ্ডাৰৰ পৰা বঞ্চিত সাধাৰণ ৰাইজ ৷
মৰাণত ৰন্ধন গেছৰ নাটনি
যাৰ ফলস্বৰূপে এলপিজি ৰন্ধন গেছ চিলিণ্ডাৰৰ পৰা বঞ্চিত হ’ব লগা হৈছে ৰাইজ । উল্লেখ্য যে, ক’ভিডৰ এনে ভয়াৱহ পৰিস্থিতিৰ মাজত এলপিজি ট্ৰান্সপ’ৰ্ট এছ’চিয়েশ্যনে কৰা প্ৰতিবাদৰ ফলত ৰাইজৰ সমস্যা দুগুণে বৃদ্ধি পাইছে । সম্প্ৰতি ৰন্ধন গেছ বিচাৰি বিমুখ হ’বলগীয়া হৈছে গ্ৰাহকসকল ।
লগতে পঢ়ক :বৃহস্পতিবাৰৰ পৰা ৰাজ্যত বলবৎ হ'ব অধিক কঠোৰ নীতি নিয়ম