মৰাণ, 30 এপ্ৰিল :বৰষুণৰ বাবে ভেকুলীৰ বিয়া পাতিলে চৰাইদেউ নাহৰপুখুৰী কোঁৱৰপুৰ গাঁৱৰ ৰাইজে ৷ বহু দিন ধৰি বৰষুণ নোহোৱাৰ বাবে বতৰ খৰাং হোৱাৰ ফলত পুখুৰী, নাদ শুকাই যোৱাত এটুপি খোৱা পানীৰ বাবে ৰাইজে জীয়াতু ভুগিব লগা হৈছে ।
তদুপৰি পথাৰ শুকাই চিৰাল ফাট দিয়াত গৰু, ম'হ, আদি জন্তু সমূহো খোৱাপানীৰ অভাৱত ভুগিছে । এনে পৰিপেক্ষিতত চৰাইদউ নাহৰপুখুৰী কোঁৱৰ চোক আৰু পূৱ নলবৰীয়া গাঁৱৰ ৰাইজে সমিল মিলেৰে সম্পূৰ্ণ অসমীয়া ৰীতি-নীতি, পৰম্পৰা ৰক্ষা কৰি বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ ভেকুলীৰ বিয়া পাতি পৃথিৱীলৈ বৰষুণ নমাই অনাৰ বাবে অসমীয়া লোক বিশ্বাস মতে ভেকুলীৰ বিয়া পাতে ।