মৰাণ, 27 অক্টোবৰ :দালালৰে ভৰি পৰিছে ইটোৰ পিছত সিটো বিভাগ ৷ ৰাজ্য চৰকাৰৰ অধীনষ্ঠ মণ্ডলৰ কাৰ্যালয়সমূহৰ দালালৰাজ উৎখাতৰ অৰ্থে স্বয়ং মুখ্যমন্ত্ৰীয়ে যি পদক্ষেপ গ্ৰহণ কৰিলে, তাক কেৰেপেই কৰা নাই আন একাংশ দালালে ৷ এইবাৰ ডিব্ৰুগড়ৰ টেঙাখাতত থকা মীন বিভাগৰ কাৰ্যালয়ত দুৰ্নীতি সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছে ৷
ঘটনাৰ বিৱৰণী অনুসৰি, মীন বিভাগৰ ঋণ দিয়াৰ নামত দীৰ্ঘদিনে হিতাধিকাৰীসকলক প্ৰৱঞ্চনা কৰি আহিছিল টেঙাখাতৰ চাহিদুৰ ওৰফে জিতু ৰহমান নামৰ এটা দালালে ৷ প্ৰতিগৰাকীৰ হিতাধিকাৰীৰ বাবদ প্ৰায় 3000 টকাকৈ সংগ্ৰহ কৰি আহিছিল প্ৰৱঞ্চক জিতুৱে ৷ এই অভিযোগ প্ৰতিগৰাকী হিতাধিকাৰীৰ ৷