অসম

assam

ETV Bharat / state

Chaolung Sukapha Statue: টিপাম পাহাৰত চাওলুং চ্যুকাফাৰ 50 ফুট উচ্চতাৰ প্ৰতিমূৰ্ত্তিৰ আধাৰশিলা স্থাপন - কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী

বুৰঞ্জী প্ৰসিদ্ধ টিপাম পাহাৰত নিৰ্মাণ হ’বলগীয়া চাওলুং চ্যুকাফাৰ 50 ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্ত্তিৰ আধাৰশিলা দেওবাৰে শুভ উদ্বোধন কৰা হয় ৷ আধাৰশিলাৰ শুভ উদ্বোধন কৰে ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ৷

Foundation Stone of Chaolung Sukapha Statue
বুৰঞ্জী প্ৰসিদ্ধ টিপাম পাহাৰত নিৰ্মাণ হ’ব চাওলুং চ্যুকাফাৰ প্ৰতিমূৰ্ত্তি

By

Published : Jul 24, 2023, 9:33 AM IST

চাওলুং চ্যুকাফাৰ 50 ফুট উচ্চতাৰ প্ৰতিমূৰ্ত্তিৰ আধাৰশিলা স্থাপন

নাহৰকটীয়া, 24 জুলাই :অসমীয়া জাতিৰ বুনিয়াদ গঢ়া চাওলুং চ্যুকাফাৰ প্ৰথমখন অস্থায়ী ৰাজধানী হৈছে বুৰঞ্জী প্ৰসিদ্ধ টিপাম ৷ এই টিপাম পাহাৰতে মুঙ চ্যুকাফা অৰ্থাৎ চ্যু-কা-ফাৰ দেশ নামেৰে নিৰ্মাণ হ’ব চাওলুং চ্যুকাফাৰ 50 ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি ৷ টাই আহোম উন্নয়ন পৰিষদৰ তৰফৰ পৰা প্ৰদান কৰা 70 লাখ টকাৰে নিৰ্মাণ হ’ব লগীয়া এই প্ৰতিমূৰ্তিৰ দেওবাৰে আধাৰশিলা স্থাপন কৰা হয় ৷

এই আধাৰশিলাৰ কাৰ্যসূচী শুভ উদ্বোধন কৰে ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ৷ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু নাহৰকটীয়া বিধানসভা সমষ্টিৰ বিধায়ক তৰংগ গগৈৰ উপস্থিতিত ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই টাই আহোমসকলৰ পৰম্পৰাগত পূজা-অৰ্চনা কৰাৰ পিছতেই টিপাম পাহাৰৰ কাষতে আয়োজন কৰা এখন ৰাজহুৱা সভাত অংশ গ্ৰহণ কৰে ৷

ৰাজ্যসভাৰ সাংসদ গৰাকীয়ে ভাষণ প্ৰদান কৰি কয় যে, বৰ অসমৰ ভেঁটি গঢ়োতা চাওলুং চ্যুকাফাৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ পিচত বুৰঞ্জী প্ৰসিদ্ধ টিপাম পাহাৰে এক অন্য ৰূপ পোৱাৰ লগতে দেশী-বিদেশী পৰ্যটকৰ বাবে টিপাম পাহাৰ বিশেষভাৱে আকৰ্ষণৰ কেন্দ্ৰ বিন্দুলৈ পৰিণত হ'ব ৷

একেদৰে নাহৰকটীয়া বিধানসভা সমষ্টিৰ বিধায়ক তৰংগ গগৈয়ে ভাষণ প্ৰদান কৰি কয় যে, টিপাম পাহাৰত নিৰ্মাণ হ’বলগীয়া প্ৰতিমূৰ্ত্তি, উদ্যান আৰু পাহাৰলৈ উঠি যোৱা খটখটীৰ নিৰ্মাণৰ কাম অহা ছমাহৰ ভিতৰত সম্পূৰ্ণ কৰি তোলা হ’ব ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত পৰ্যটকৰ বাবে মুকলি কৰা হ’ব ৷

লগতে পঢ়ক :BVFCL to be close: কোনো কাৰণতে বন্ধ নহয় লাভৰ মুখ দেখা নামৰূপ সাৰ কাৰখানা; মন্ত্ৰী তেলী

ইয়াৰ ওপৰিও অসম পযৰ্টন বিভাগৰ তৰফৰ পৰা স্থানীয় দহ জন যুৱকক হোম ষ্টে’ নিৰ্মাণৰ বাবে দহ লাখ টকাকৈ প্ৰদান কৰা হ'ব বুলি তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে ৷

এই ৰাজহুৱা সভাতেই ঐতিহাসিক টিপাম পাহাৰত নিৰ্মাণ হ’বলগীয়া চ্যুকাফাৰ প্ৰতিমূৰ্ত্তিৰ লগতে চৌহদত নিৰ্মাণ হ’বলগীয়া এখন উদ্যানৰ বাবে পবিত্ৰ মাৰ্ঘেৰিটাই সাংসদ পুঁজিৰ পৰা 72 লাখ আৰু মূল গেটখনৰ বাবে 18 লাখ টকাৰ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে ৷ ইফালে আহোমৰ ইতিহাস সামৰি নাহৰকটীয়াত নিৰ্মাণ হ’বলগীয়া আহোম বুৰঞ্জীৰ প্ৰকল্পৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে দহ কোটি টকাৰ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে ৷

লগতে পঢ়ক :Namrup BVFCL: সাৰকাৰখানাৰ ৰক্ষাৰ দাবীৰে ডিব্ৰুগড়ত আছু-যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details