ডিব্ৰুগড়,9 এপ্ৰিল :যোৱা নিশা 12.01 বজাত শেষ নিশ্বাস ত্যাগ কৰে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈৰ মাতৃ শান্তি গগৈয়ে ৷
উল্লেখ্য যে, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেশৱ চন্দ্ৰ গগৈৰ পত্নী শান্তি গগৈয়ে চকুৰ অস্ত্ৰোপ্ৰচাৰৰ বাবে দিল্লীত চিকিৎসাধীন হৈ আছিল । দীৰ্ঘদিন ধৰি হৃদৰোগত আক্ৰান্ত সমাজ সেৱিকা শান্তি গগৈৰ চকুৰ অস্ত্ৰোপ্ৰচাৰ সম্পন্ন হোৱাৰ পাচতেই স্বাস্থ্যৰ অৱনতি ঘটে আৰু অৱশেষত দেহাৱসান ঘটে ৷
ৰঞ্জন গগৈৰ মাতৃ শান্তি গগৈৰ দেহাৱসান 87 বছৰীয়া শান্তি গগৈয়ে দীৰ্ঘদিন ধৰি ডিব্ৰুগড় চহৰৰ খলিহামাৰিস্থিত বাগৃহত বসবাস কৰি আহিছিল । শুকুৰবাৰে দিনৰ ভাগত শেষকৃত্য সম্পন্ন কৰা হ'ব ৰঞ্জন গগৈৰ মাতৃৰ । ইফালে, ৰঞ্জন গগৈয়েও দিল্লীৰ পৰা ডিব্ৰুগড়ত উপস্থিত হ’ব বুলি জানিব পৰা গৈছে । ডিব্ৰুগড়ৰ বাসগৃহৰ পৰাই ‘সেৱা’ নামেৰে এটি বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থা পৰিচালনা কৰি সমাজ সেৱাত বৰ্তি আছিল শান্তি গগৈ ।
লগতে পঢ়ক :প্ৰতিদ্বন্দিতামূলক ভাৱে সামৰণি পৰিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিৰ্বাচন