অসম

assam

ETV Bharat / state

First Tea Museum in Northeast: ডিব্ৰুগড়ত মুকলি হ’ব ৰাজ্যৰ প্ৰথমটো টি মিউজিয়াম

চাহৰ ইতিহাস বুলিলে দেশৰ ভিতৰতে অন্যতম ডিব্ৰুগড় (Tea city of India) । এইবাৰ ডিব্ৰুগড়তে অচিৰেই মুকলি হ'ব ৰাজ্যৰ প্ৰথমটো টি মিউজিয়াম (First Tea Museum in Northeast to come up in Dibrugarh )। 3.14 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মীয়মান অৱস্থাত থকা এই মিউজিয়ামটো 2022 বৰ্ষৰ শেষৰ ফালে সম্পূৰ্ণ হৈ উঠিব ৷ এই কথা ব্যক্ত কৰিছে অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপর্ণ বৰুৱাই ৷

By

Published : Dec 21, 2021, 9:01 PM IST

The first tea museum in Assam
ডিব্ৰুগড়ত মুকলি হ’ব ৰাজ্যৰ প্ৰথমটো টি মিউজিয়াম

ডিব্ৰুগড়, 21 ডিচেম্বৰ :ৰাজ্যৰ চাহ উদ্যোগ (Assam’s tea industry)ৰ বাবে এক সু-খবৰ ৷ চাহ নিলাম কেন্দ্ৰত ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাই (Manohari Gold tea new records) প্ৰতি কেজিত ৯৯,৯৯৯ টকা দৰত চাহ বিক্ৰী কৰি বিশ্ব অভিলেখ গঢ়াৰ পাচতে পুনৰ ডিব্ৰুগড়লৈ আহিছে এক আশাৰ ৰেঙনি ৷ এই ডিব্ৰুগড়তে অচিৰেই মুকলি হ'ব ৰাজ্যৰ প্ৰথমটো টি মিউজিয়াম (First Tea Museum in Northeast to come up in Dibrugarh) ৷

ডিব্ৰুগড়ত মুকলি হ’ব ৰাজ্যৰ প্ৰথমটো টি মিউজিয়াম

পর্যটনৰ অন্যতম আকৰ্ষণ কেন্দ্ৰবিন্দু হ’ব এই টি মিউজিয়ামতো ৷ নিৰ্মীয়মান অৱস্থাত থকা এই আকৰ্ষণী টি মিউজীয়ামৰ ভৱনটোৰ ইতিমধ্যে প্ৰথম পৰ্যায়ৰ ৯০ শতাংশ কাম সম্পূর্ণ হৈ উঠিছে । মঙলবাৰে এটা সজাতি দলৰ সৈতে ভৱনটোৰ নিৰ্মাণ কাৰ্য আৰু আনুসংগিকদিশ সমূহ পৰিদৰ্শন কৰাৰ অন্তত এক সংবাদমেলযোগে এই কথা সদৰি কৰে অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপর্ণ বৰুৱাই (Assam Tourism Development Corporation Limited chairman Rituparna Barua) ৷

ডিব্ৰুগড়ত মুকলি হ’ব ৰাজ্যৰ প্ৰথমটো টি মিউজিয়াম

ডিব্ৰুগড়ৰ কনভয় ৰোড তিনি আলিৰ সমিপতে এক আকৰ্ষণীয় ৰূপত নিৰ্মাণ কৰি থকা হৈছে এই মিউজিয়ামটো ৷

নৰ্থ-ইষ্ট কাউঞ্চিল (North East Council)ৰ অধীনত 3.14 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি থকা হৈছে এই ভৱনটোৰ কাম ৷ সম্ভৱত 2022 বৰ্ষৰ শেষৰ ফালে পূৰ্ণ হৈ উঠিব ৰাজ্যৰ প্ৰথমটো টি মিউজিয়াম ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰে অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপর্ণ বৰুৱাই ৷

উল্লেখ্য যে, উজানিৰ চাহ পৰ্যটনত নতুন দিগন্তৰ সূচনা কৰিব লগীয়া এই টি মিউজিয়ামটোত অসমৰ চাহ খেতিৰ ইতিহাস, অসমত চাহ উৎপাদনৰ পৰম্পৰাগত শৈলী, আৰ্হি ৰূপত চাহ উৎপাদনৰ কাৰখানা (কলঘৰ), এখন চাহ বাগিচা ইত্যাদি ৰখাৰ দিহা কৰা হ'ব । মুঠৰ ওপৰত অসমৰ চাহৰ প্ৰতিটো দিশ, ইতিহাসৰ পৰা বৰ্তমান সাঙুৰি আদিৰ পৰা অন্তলৈ প্ৰদৰ্শিত ৰূপত সংৰক্ষণ কৰি ৰখা হ'ব ডিব্ৰুগড়ৰ এই নিৰ্মিয়মান টি মিউজিয়ামত ।

লগতে পঢ়ক :Manohari Gold tea new records : প্ৰতিকেজিত ৯৯,৯৯৯ টকা দৰত বিক্ৰী হ’ল অসমৰ চাহ

ABOUT THE AUTHOR

...view details