ডিব্ৰুগড়, 5 জুনঃসত্তৰ-আশী দশকৰ ডিব্ৰুগড়ৰ এগৰাকী চুটি চাপৰ জনপ্ৰিয় ব্যক্তি ৷ যদিও তেওঁৰ প্ৰকৃত নাম হৰিবিনোদ বাৰ্মা তথাপিও, ডিঙিত এটা কেমেৰা লৈ ফুৰা ব্যক্তিজনক ল'ৰাৰ পৰা বুঢ়ালৈ সকলোৱে চিনি পায় "W দা" বুলিয়েই ৷ চহৰখনৰ ঝালোকপাৰাত থকা "W"নামৰ ফটো ষ্টুডিঅ'ৰ গৰাকী তেওঁ ৷ 1969 চনতেই স্থাপন কৰা ফটো ষ্টুডিঅ'টোৰ নামেৰেই হৰিবিনোদ বাৰ্মা জনপ্ৰিয় হৈ পৰিল "W দা"নামেৰে ৷ ভাৰত ৰত্ন মাদাৰ টেৰেছা,লতা মংগেশকাৰ, ভূপেন হাজৰিকা,বিখ্যাত ৰাজনীতিবিদ জৱাহৰলাল নেহেৰু,ইন্দিৰা গান্ধী,ৰাজীৱ গান্ধী,শংকৰ দয়াল শৰ্মা,এল.কে আদৱানী,মনমোহন সিং,ভেংকায়া নাইডু, হিতেশ্বৰ শইকীয়া,প্ৰফুল্ল মহন্ত,তৰুণ গগৈ,প্ৰখ্যাত গায়ক কিশোৰ কুমাৰ,মহম্মদ ৰফি,মহেন্দ্ৰ কাপুৰ,জয়ন্ত হাজৰিকা,অভিনেতা-অভিনেত্ৰী দেৱ আনন্দ, অমিতাভ বচ্চন,ঐশ্বৰ্য ৰায়,ঋষি কাপুৰ,আশ্ৰানী,হেমা মালিনী আৰু বহুতো লোকৰ সান্নিধ্যৰে জীপাল তেওঁ ৷ সত্তৰৰ পৰা নব্বৈৰ দশকলৈকে ডিব্ৰুগড়লৈ অহা প্ৰতিগৰাকী বিখ্যাত ব্যক্তি আবদ্ধ হৈ ৰৈছিল তেওঁৰ কেমেৰাৰ লেন্সত ৷ "W দা"ই আছিল ফটোগ্ৰাফীত ডিপ্লোমা লোৱা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ব্যক্তি ৷
কেৱল ফটোগ্ৰাফীয়েই নহয় ৷ তেখেত আছিল এগৰাকী অভিনেতাও ৷ তেওঁৰ অভিনয় প্ৰতিভা দেখিবলৈ পোৱা গৈছিল বৃষ্টি,আজলী নবৌ,সোণমা,মধুচন্দ্ৰা, ৰতনলাল আদি জনপ্ৰিয় বোছবিত ৷ ইয়াৰোপৰি তেওঁ হিন্দী চেণ্টিনেল আৰু পূৰ্বাঞ্চল প্ৰহৰীৰ দৰে আগশাৰীৰ বাতৰি কাকততো সেৱা আগবঢ়াইছিল স্থানীয় সাংবাদিক হিচাপে ৷ কিন্তু একাধিক প্ৰতিভাৰ অধিকাৰী এই ব্যক্তিগৰাকী আজি শয্যাশায়ী ৷