মৰাণ, 19 জুন :এক নৃশংস হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ মৰাণ অঞ্চল ৷ পাৰিবাৰিক সংঘাতৰ বাবে কণিষ্ঠ ভাতৃৰ হাতত প্ৰাণ গ'ল জ্যেষ্ঠ ভাতৃৰ ৷ সোমবাৰে নিশা তিলৈ নগৰ গ্ৰাম্য বজাৰৰ ১০৮ নং খোৱাং গ্ৰাণ্ট গাঁৱৰ মংগল সিং ৰাজপুতৰ কণিষ্ঠ পুত্ৰ বিকাশ ৰাজপুত (২৭) য়ে জ্যেষ্ঠ ভাতৃ শংকৰ ৰাজপুত (৪৮)ক ঘৰৰ ভিতৰতে চোকা অস্ত্ৰৰে প্ৰহাৰ কৰে ৷ যাৰ ফলত মৃত্যুক সাৱটি লয় শংকৰ ৰাজপুতে ৷
পাৰিবাৰিক সংঘাত: নিজ ভাতৃৰ হাতত প্ৰাণ হেৰুৱালে ককায়েকে
মৰাণত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড ৷ এটা পৰিয়ালৰ দুই ভাতৃৰ মাজত দীৰ্ঘদিনৰ পৰা চলি মাটি-বাৰীৰ সংঘাত ৷ এই সংঘাতৰ চৰম পৰিণতি হিচাপে ভাতৃৰ হাতত মৃত্যু ঘটিল ককায়েকৰ ৷
পাৰিবাৰিক সংঘাত: নিজ ভাতৃৰ হাতত প্ৰাণ হেৰুৱালে ককায়েকে
স্থানীয় লোকে সদৰী কৰা মতে, দুই ভাতৃৰ মাজত দীৰ্ঘদিনৰ পৰা মাটি-বাৰীক কেন্দ্ৰ কৰি সংঘাত চলি আছিল ৷ সেই সংঘাতৰ ফলতে ভাতৃৰ হাতত প্ৰাণ হেৰুৱালে 48 বছৰীয়া শংকৰ ৰাজপুতে ৷ মৰাণ আৰক্ষী থানাত খবৰ দিয়াত ভাৰপ্ৰাপ্ত বিষয়া দীননাথ মিলিৰ নেতৃত্বত এটা আৰক্ষী দল ঘটনাস্থলীত উপস্থিত হয় ৷ ইতিমধ্যে হত্যাকাৰী বিকাশ ৰাজুপুতক মৰাণ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক: শাসকৰ শোষণ-বঞ্চনাৰ বাবে বাগিছাত আকৌ শুনিব মৃত্যুৰ কিৰিলি !