মৰাণ, 8 জুন :ৰাজ্যৰ নতুন চৰকাৰে গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ লগতে বানপানী ৰোধৰ বাবে মথাউৰি নিৰ্মাণৰ বাবে ব্যাপক তৎপৰতা প্ৰদৰ্শন কৰা সময়তে চপৰা চপৰে খহিছে দিহিঙৰ মথাউৰি । ঐতিহাসিক দিহিং মথাউৰি অতি পুৰণি যদিও আজি পৰ্যন্ত মেৰামতি নকৰাৰ ফলতে বছৰটোৰ প্ৰথমজাক বৰষুণতেই মথাউৰিটো চপৰা চপৰে খহিবলৈ আৰম্ভ কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷
ডিমৌ ৰাজহ চক্ৰৰ অন্তৰ্গত দিহিঙৰ মথাউৰি মেৰামতি কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত বহুবাৰ অবেদন নিবেদন কৰা হৈছিল যদিও আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বিভাগে ৷ বিগত কেইবাদিনো ধৰি ধাৰাষাৰ বৰষুণ হোৱাৰ ফলত দিহিং নদী ফেনে-ফুটুকাৰে বাঢ়ি আহিছে ৷ যাৰ ফলত লাচনগাওঁ তিনিআলিস্থিত দিহিঙৰ মথাউৰিৰ গড়া প্ৰায় পঞ্চাশ মিটাৰ খহাই নিয়ে দিঙিৰ বাঢ়নি পানীয়ে ৷