অসম

assam

ETV Bharat / state

একেদিনাই আঠখনকৈ নিৰ্বাচনী সভাত অংশ বিমল বৰাৰ

শনিবাৰে মাহমৰা, কুঁৱৰী গাঁও, টিংখাং, হালমাৰী, ধমন, শলগুৰি, ৰাজগড়, বৰবাম পঞ্চায়তত অনুষ্ঠিত হয় বিজেপি মিত্ৰজোঁটৰ নিৰ্বাচনী প্ৰচাৰ সভা ৷ উক্ত সভাত অংশ বিধায়ক বিমল বৰাৰ ৷ স্থানীয় ৰাইজে প্ৰাৰ্থীগৰাকীক গায়ন-বায়নেৰে উষ্ম আদৰণি জনায় । বিধায়ক গৰাকীক লৈ দলীয় কৰ্মী আৰু সমষ্টিৰ ৰাইজৰ মাজত ব্যাপক উৎসাহ ৷

By

Published : Mar 13, 2021, 9:47 PM IST

একেদিনাই আঁঠখনকৈ নিৰ্বাচনী সভাত অংশ ল’লে বিমল বৰাই
একেদিনাই আঁঠখনকৈ নিৰ্বাচনী সভাত অংশ ল’লে বিমল বৰাই

টিংখাং,13 মাৰ্চ:প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ যাৰ পৰিপেক্ষিতত ৰাজ্যৰ প্ৰতিটো সমষ্টিৰ দৰে টিংখাং সমষ্টিটো এতিয়া তুংগত উঠিছে প্ৰতিজন প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ ৷ টিংখাঙৰ বিধায়ক তথা অগপ-বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিমল বৰাই একেদিনাই আঠখনকৈ নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ চলায় ।

বিমল বৰাৰ নিৰ্বাচনী প্ৰচাৰ সভা

শনিবাৰে মাহমৰা, কুঁৱৰী গাঁও, টিংখাং, হালমাৰী, ধমন, শলগুৰি, ৰাজগড়, বৰবাম পঞ্চায়তত পঞ্চায়ত ভিত্তিত অনুষ্ঠিত হয় বিজেপি মিত্ৰজোঁটৰ নিৰ্বাচনী প্ৰচাৰ সভা ৷ স্থানীয় ৰাইজে প্ৰাৰ্থীগৰাকীক গায়ন-বায়নেৰে উষ্ম আদৰণি জনায় । বিধায়ক গৰাকীক লৈ দলীয় কৰ্মী আৰু সমষ্টিৰ ৰাইজৰ মাজতো নিৰ্বাচনক লৈ উৎসাহ দেখিবলৈ পোৱা গৈছে । উক্ত নিৰ্বাচনী সভাত অগপ-বিজেপিৰ কেইবাজনো নেতা-কৰ্মী উপস্থিত থাকে ।

লগতে পঢ়ক:ডেস্কৰ পৰা দিনটোৰ বিশেষ ৰাজনৈতিক বতৰা

ABOUT THE AUTHOR

...view details