মৰাণ,22অক্টোবৰঃ শৰৎৰ হিম চেঁচা নিয়ৰৰ মাজতে আৰম্ভ হৈছে উৎসৱৰ বতৰ । আজি মহা ষষ্ঠী । কিন্তু ক’ৰণাৰ ভয়াৱহতাৰ বাবে এইবাৰ নাই পূজাৰ বিশেষ উচ্ছাহ-উদ্দীপনা। কৰ'ণাৰ ভয়াৱহতাৰ মাজতো অনুষ্টুপীয়াকৈ দুৰ্গা পূজা আয়োজন কৰিবলৈ ৰাজ্য চৰকাৰে অনুমতি দিয়াত ৰাজ্যৰ অন্য ঠাইৰ লগতে মৰাণতো ক'ভিডৰ নীতি নিয়মৰ মাজেৰে আৰম্ভ হৈছে দুৰ্গা পূজা । কিন্তু পূৰ্বৰ দৰে মৰাণৰ ৰাইজৰ মাজত পূজাক লৈ কোনো ধৰণৰ উল্লাস পৰিলক্ষিত হোৱা নাই। কেৱল মাত্ৰ পৰম্পৰা ৰক্ষাৰ চেষ্টাহে অব্যাহত ৰাখিছে পূজা সমিতি সমূহে ।
ক'ভিড-19ৰ নীতি নিয়মৰ মাজেৰে মৰাণত আৰম্ভ হৈছে দুৰ্গা পূজা - মাস্ক আৰু চেনিটাইজাৰ
ক'ভিড নীতি নিয়মৰ মাজেৰে মৰাণত আৰম্ভ হৈছে দুৰ্গা পূজা ৷ পূৰ্বৰ দৰে মৰাণৰ ৰাইজৰ মাজত পূজাক লৈ নাই উচ্ছাহ-উদ্দীপনা ৷
প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া সকলো নীতি নিয়ম পূজা সমতি সমূহে পালন কৰিবলৈ চেষ্টা কৰা দেখা গৈছে মৰাণত। মৰাণত মুখত মাস্ক নথাকিলে কোনো লোকে দেৱী দৰ্শন কৰিব নোৱাৰিব বুলি সমিতি সমূহে জানিবলৈ দিয়ে ৷ লগতে দেৱী ভক্ত সকলৰ বাবে সমিতি সমূহে মাস্ক আৰু চেনিটাইজাৰৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে ।
মুঠৰ ওপৰত মৰাণত এইবাৰ দেৱীৰ প্ৰতিমূৰ্তি নতুবা পূজা মণ্ডপত কোনো ধৰণৰ চমক সৃষ্টিৰ বাবে চেষ্টা কৰা নাই উদযাপন সমিতি সমূহে । কিন্তু ক'ভিডৰ বাবে প্ৰশাসনৰ লগতে পূজা উযাপন সমিতি সমূহে বিশেষ ব্যৱস্থাৰে আজিৰ পৰা আৰম্ভ কৰিব শাৰদীয় দুৰ্গা পূজা । কিন্তু দেৱী দৰ্শন আৰু শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ মৰাণৰ ৰাইজে কেনে দৰে উপভোগ কৰে সেইয়া সময়তহে গম পোৱা যাব ।
লগতে পঢ়কঃ স্বাস্থ্যবিধি মানি গোলাঘাটত অনুষ্টুপীয়াকৈ দুৰ্গা পূজাৰ আয়োজন