অসম

assam

টেঙাখাত চিকিৎসালয়ত এম্বুলেঞ্চ প্ৰদান অইল কৰ্তৃপক্ষৰ

By

Published : Jun 8, 2021, 8:32 PM IST

জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ টেঙাখাত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত এখন এম্বুলেঞ্চ প্ৰদান কৰিলে অইল ইণ্ডিয়া লিমিটেডে(Oil India Limited) । অইল ইণ্ডিয়া লিমিটেড (OIL) ৰ হৈ জনসম্পৰ্কৰক্ষী বিষয়া (PR Officer) ত্ৰিদিৱ হাজৰিকা আৰু প্ৰাঞ্জল নেওগে চিকিৎসালয়ৰ অধীক্ষক ডাঃ ফনীন্দ্ৰ নাথ সোণোৱালক এম্বুলেঞ্চখন প্ৰদান কৰে ।

Oil India Limited donated ambulance to Tengakhat Hospital
টেঙাখাত চিকিৎসালয়ত এম্বুলেঞ্চ প্ৰদান অইল কৰ্তৃপক্ষৰ

মৰাণ, ৮ জুন: ডিব্ৰুগড় জিলাৰ দুলীয়াজান বিধানসভা সমষ্টি (Duliajan Constituency) ত থকা টেঙাখাত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত দিনে-নিশাই ৰোগীক চিকিৎসা সেৱা আগবঢ়াই অহা হৈছে যদিও জৰুৰী সেৱাৰ বাবে এই চিকিৎসালয়খনত নাই পৰ্যাপ্ত এম্বুলেঞ্চ(Ambulance)ৰ ব্যৱস্থা ৷

সেয়ে, জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ চিকিৎসালয়খনত এখন এম্বুলেঞ্চ(Ambulance) প্ৰদান কৰিছে দুলীয়াজান অইল ইণ্ডিয়া লিমিটেডে(Oil India Limited) । চিকিৎসালয় কৰ্তৃপক্ষই দুলীয়াজান অইল ইণ্ডিয়া লিমিটেডক জনোৱা আবেদন মৰ্মে প্ৰায় ৯ লাখ টকা ব্যয় সাপেক্ষে এই এম্বুলেঞ্চখন ক্ৰয় কৰা হয় ।

টেঙাখাত চিকিৎসালয়ত এম্বুলেঞ্চ প্ৰদান অইল কৰ্তৃপক্ষৰ

মঙলবাৰে টেঙাখাত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ অধীক্ষক ডাঃ ফনীন্দ্ৰ নাথ সোণোৱাল(Dr. Phanindra Nath Sonowal)ক অইলৰ হৈ জনসম্পৰ্কৰক্ষী বিষয়া ত্ৰিদিৱ হাজৰিকা আৰু প্ৰাঞ্জল নেওগে এম্বুলেঞ্চখন আনুষ্ঠানিক ভাৱে প্ৰদান কৰে । অইল ইণ্ডিয়া লিমিটেডৰ এই সহায়ে চিকিৎসালয়খনৰ লগতে টেঙাখাতবাসীৰ এটি বহু দিনীয়া অভাৱ পূৰণ কৰিছে ৷

চিকিৎসালয় আৰু অইল কৰ্তৃপক্ষৰ এনে মহান পদক্ষেপৰ বাবে স্থানীয় ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে ৷ এতিয়া জৰুৰীকালীন সময়ত কোনো ৰোগীয়ে এম্বুলেঞ্চৰ অভাৱত হাৰাশাস্তি ভূগিবলগীয়া নহয় । অইল ইণ্ডিয়া লিমিটেড (OIL)ৰ এই পদক্ষেপৰ বাবে টেঙাখাত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ অধীক্ষকগৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰিছে ।

লগতে পঢ়ক:কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

ABOUT THE AUTHOR

...view details