অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ত বাটৰ নাট প্ৰদৰ্শনেৰে কেঞ্চাৰ ৰোগীক সহায়ৰ হাত শিক্ষাৰ্থীৰ - cancer victims

নিজ প্ৰতিভাৰে জনতাক আমোদ প্ৰদান কৰাৰ লগতে দুৰাৰোগ্য কেঞ্চাৰ ৰোগীক সহায় আগবঢ়োৱা এক মহৎ উদেশ্যৰে ৰাজপথত বাটৰ নাট কৰি ধন সংগ্ৰহ কৰিছে শিক্ষাৰ্থীসকলে

কেঞ্চাৰ ৰোগীক সহায়ৰ হাত শিক্ষাৰ্থী

By

Published : Mar 27, 2019, 12:20 PM IST

ডিব্ৰুগড়, 27 মাৰ্চঃ ব্যতিক্ৰমী চিন্তাধাৰাৰে ডিব্ৰুগড়ৰ ৰাজপথতত এদল তৰুণ-তৰুণী ৷ নিজক লৈ নহয় সমাজৰ বাবে কিবা এটা কৰিবলৈ উৎসাহী এইসকল শিক্ষিত যুৱক-যুৱতী ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ, শিক্ষাৰ্থী,কানৈ কলেজৰলগতে কেইবাখনো মহাবিদ্যালয় শিক্ষাৰ্থী,স্থানীয় যুৱকৰ সহযোগত "পথিক" নামৰ গোটৰ উদ্যোগত বাটৰ নাট প্ৰদৰ্শনেৰে দুৰাৰোগ্য কেঞ্চাৰ ৰোগীক সকাহ দিয়াৰ চেষ্টা এইসকল যুৱক-যুৱতীৰ ৷

কেঞ্চাৰ ৰোগীক সহায়ৰ হাত শিক্ষাৰ্থী
বাটৰ নাটৰ উপৰিও নিজ প্ৰতিভাৰে জনতাক আমোদ প্ৰদান কৰি দুৰাৰোগ্য কেঞ্চাৰ ৰোগীক সহায় আগবঢ়োৱা এক মহৎ উদেশ্যৰে ৰাজ পথত বাটৰ নাট প্ৰদৰ্শনসংগ্ৰহ কৰিছে শিক্ষাৰ্থীসকলে ৷

ABOUT THE AUTHOR

...view details