মৰাণ, 1 জানুৱাৰী: টিংখাঙত আৰম্ভ হৈছে দিহিংচাং food festival ২০২২(Dihingchang Food Festival 2022) ৷ যোৱা 31 ডিচেম্বৰ তথা শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে টিংখাঙত আয়োজন কৰা হৈছে "দিহিংচাং food festival ২০২২"। যাৰ ফলত টিংখাঙৰ বৰবাম, পানীবিল আৰু মাহমৰা আলিকিনাৰ মুগা চুমনি বিলত নৱবৰ্ষৰ প্ৰাকক্ষণত উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে ৷ পৰ্যটকক আকৃষ্ট কৰিবৰ বাবে আকৰ্ষণীয়কৈ সজাই পৰাই তোলা হৈছে "দিহিংচাং বহুমুখী প্ৰকল্প"ৰ দুয়োটা পাৰ ৷ আজি এই খাদ্য মহোৎসৱৰ দ্বিতীয়টো দিন ৷
দুটা দিনৰ কাৰ্যসূচীত পৰ্যটকসকলৰ বাবে বিভিন্ন জনগোষ্ঠীয় পৰম্পৰাগত খাদ্য সম্ভাৰৰ লগতে মনোৰম প্ৰাকৃতিক পৰিৱেশত জলকেলি কৰাৰ আমেজ লাভ কৰিব ৷ শনিবাৰে আনুষ্ঠানিকভাৱে দুয়োটা প্ৰকল্প স্থলিত Food festival ৰ শুভাৰম্ভ কৰে টিংখাঙৰ বিধায়ক তথা মন্ত্ৰী বিমল বড়াই (Minister Bimal Bora inauguration Food Festival) ৷
উল্লেখযোগ্য যে, সমষ্টিটোৰ নিবনুৱা যুৱক-যুৱতী সকলৰ কৰ্ম-সংস্থাপনৰ উদ্দেশ্যে বিধায়ক বিমল বড়াই দুবছৰ পূৰ্বে গ্ৰহণ কৰা "দিহিংচাং বহুমুখী প্ৰকল্প" (Dihingchang Multipurpose Project) ই এতিয়া বহু নিৱনুৱাৰ মুখলৈ হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে ৷ টিংখাঙৰ দুয়ো দিশত অৱস্থিত দিহিং আৰু দিচাং নদীৰ প্ৰাকৃতিক সম্ভাৱনাক সামৰি লোৱা দিহিংচাং প্ৰকল্প নামকৰণেৰে টিংখাঙৰ উদ্যমী যুৱক-যুৱতী সকলক আত্মসংস্থাপনৰ উদ্দেশ্যে মন্ত্ৰীগৰাকীয়ে নিজা উদ্যোগত গ্ৰহণ কৰিছিল এই অভিলাসী আঁচনি ৷