অসম

assam

ডিব্ৰুগড় বিশ্ববিদ্যালয়তো নিষিদ্ধ হ'ল সৰ্বানন্দ সোণোৱাল

By

Published : Dec 1, 2019, 11:25 PM IST

বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাই হিমন্ত বিশ্ব শৰ্মাক আখ্যা দিলে জাতিৰ কলংক হিচাপে । বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সৰ্বা, কামাখ্যা, তপন ঋতুপৰ্ণই বিশ্ববিদ্যালয়ৰ মজিয়াৰ পৰাই নিজৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰি এতিয়া বিধেয়ক গৃহীত কৰাৰ পক্ষত থিয় দি জাতিটোৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গৰিমাতো কালিমা সানিছে বুলি অভিযোগ কৰে বিশ্ববিদ্যালয়খনৰ ছাত্ৰসমাজে ৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নিষিদ্ধ সৰ্বানন্দ সোনোৱাল
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নিষিদ্ধ সৰ্বানন্দ সোনোৱাল

ডিব্ৰুগড়, 1 ডিচেম্বৰ:ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নিষিদ্ধ কৰা হ'ল সমূহ গেৰুৱা বাহিনী ৷ দেওবাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিডিব্ৰুগড় বিশ্ববিদ্যালয়খনত নিষিদ্ধ কৰা হ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী তপন গগৈ, কামাখ্যা তাছা, বিধায়ক ঋতুপৰ্ণ বৰুৱা সহ গেৰুৱা বাহিনীৰ সকলো নেতা পালিনেতা।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নিষিদ্ধ সৰ্বানন্দ সোনোৱাল

বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাই আনুষ্ঠানিক ভাৱে এই ঘোষণা কৰি 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পথত আঁৰিলে মুখ্যমন্ত্ৰীক নিষিদ্ধ ঘোষণাৰ বৃহৎ পোষ্টাৰ ৷ এসময়ৰ ছাত্ৰ ৰাজনীতিৰে বিশ্ববিদ্যালয়খনত সুকীয়া খ্যাতি থকা বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক নিজ বিশ্ববিদ্যালয়তে জাতীয় নায়কৰ পৰিৱৰ্তে স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ দ্বাৰা দিয়া হ'ল "জাতীয় খলনায়ক উপাধি" ৷


ABOUT THE AUTHOR

...view details