ডিব্ৰুগড়, 23 ফেব্ৰুৱাৰী : ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই মঙলবাৰে ড° ভূপেন হাজৰিকা পৰিবেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ পৰা প্ৰত্যাহাৰ কৰে কন্টেইনমেন্ট জ'ন ৷ আজি বিশ্ববিদ্যালয়ৰ ড° ভূপেন হাজৰিকা পৰিবেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ ছাত্র ছাত্ৰী আৰু অধ্যাপক অধ্যাপিকাৰ ক’ভিড পৰীক্ষা সম্পন্ন হয় ৷ পৰীক্ষাত কেন্দ্ৰটোৰ সকলোৰে ফলাফল নিগেটিভ অহাৰ পাছতেই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই প্ৰত্যাহাৰ কৰে কন্টেইনমেন্ট জ'ন ৷
কণ্টেইনমেণ্ট জ'ন উঠাই ল'লে ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই - ক’ভিড 19
সোমবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুগৰাকী শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছিল ক’ভিড 19 ৰ অৱস্থিতি ৷ যাৰ ফলত পৰৱৰ্তী সাত দিনৰ বাবে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই ড৹ ভূপেন হাজৰিকা পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰটো কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছিল ৷
উল্লেখ্য যে, সোমবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুগৰাকী শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছিল ক’ভিড 19 ৰ অৱস্থিতি ৷ যাৰ ফলত পৰৱৰ্তী সাত দিনৰ বাবে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই ড৹ ভূপেন হাজৰিকা পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰটোক কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছিল ৷ ইয়াৰ লগতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কেন্দ্ৰটোৰ সকলো অধ্যাপক, শিক্ষাৰ্থী আৰু বিষয়া-কৰ্মচাৰীক সাত দিনৰ বাবে নিজ গৃহত কোৱাৰেণ্টাইন হোৱাৰ লগতে আৰু ক'ভিড 19 ৰ পৰীক্ষা কৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল ৷
লগতে পঢ়ক :ফাগুনৰ বতৰত দুঃখবৰ : চিলা উৰুৱাই থকা শিশুৰ মৃত্যু