অসম

assam

ETV Bharat / state

সৌৰভ দাসৰ মৃত্যুক কেন্দ্ৰ কৰি ডিব্ৰুগড়ত উত্তপ্ত পৰিস্থিতি

আৰক্ষীয়ে পিকেটিংকাৰীসকলক ছত্ৰভংগ দিয়াই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ পুনৰ মুকলি কৰিবলৈ নিৰ্দেশ দিয়ে । ইয়াৰোপৰি এই ঘটনা সন্দৰ্ভত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নহয় তাৰ বাবে ডিব্ৰুগড় জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ উদ্যোগত এক শান্তিসভাও অনুষ্ঠিত কৰা হয়।

By

Published : Jun 22, 2020, 9:10 PM IST

Dibrugarh Saurav das murder case update
সৌৰভ দাসৰ মৃত্যুক কেন্দ্ৰ কৰি ডিব্ৰুগড়ত উত্তপ্ত পৰিস্থিতি

ডিব্ৰুগড়, 22 জুনঃলেজাইৰ সৌৰভ দাস মৃত্যুক কেন্দ্ৰ কৰি ডিব্ৰুগড়ত অশান্ত পৰিস্থিতি । দৰাচলতে, সোমবাৰে সৌৰভ দাসৰ হত্যাৰ প্ৰতিবাদত হিন্দু ক্ৰান্তি দলে ২৪ ঘণ্টীয়া ডিব্ৰুগড় বন্ধৰ আহ্বান জনাইছিল । লগতে সংগঠনটোৱে সামাজিক মাধ্যমতো বন্ধৰ আহ্বান জনাই সোমবাৰে পুৱাৰ ভাগত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ কৰিছিল।

কিন্তু আৰক্ষীয়ে পিকেটিংকাৰীসকলক ছত্ৰভংগ দিয়াই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ পুনৰ মুকলি নিৰ্দেশ দিয়ে । ইয়াৰোপৰি এই ঘটনা সন্দৰ্ভত কোনো যাতে অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নহয় তাৰ বাবে ডিব্ৰুগড় জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ উদ্যোগত এক শান্তিসভাও অনুষ্ঠিত কৰা হয়।

সৌৰভ দাসৰ মৃত্যুক কেন্দ্ৰ কৰি ডিব্ৰুগড়ত উত্তপ্ত পৰিস্থিতি

লগতে পঢ়কঃ সৌৰভ দাসৰ ঘৰত মৰাণৰ বিধায়ক

উল্লেখ্য যে, ১৯ জুনৰ নিশা সৌৰভ দাস নামৰ যুৱকজন ৰহিমুদ্দিন আলি নামৰ লোকজনৰ ঘৰলৈ গৈ নিৰুদ্দেশ হৈ আছিল।অভিযোগ উত্থাপিত হৈছিল সৌৰভ দাসক পৰিকল্পিতভাৱে হত্যা কৰি সমীপৰ চেচা নদীত উটুৱাই দিয়া হৈছে । আনহাতে দেওবাৰে দুপৰীয়া লেজাইৰ পৰা প্ৰায় তিনি কিল'মিটাৰ দূৰত্বত উদ্ধাৰ হৈছিল সৌৰভৰ মৃতদেহ। উল্লেখ্য যে, যুৱকজনৰ চকু, মুখ, ডিঙি, পিঠি আদিত আঘাতৰ চিন স্পষ্ট হোৱাত এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি উল্লেখ কৰে উপস্থিত ৰাইজে । ডিব্ৰুগড় আৰক্ষীয়ে উক্ত ঘটনা সন্দৰ্ভত ৰহিমুদ্দিন আলি, আকবৰ আলি আৰু মনি বেগম নামৰ মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে যদিও এই ঘটনাক কেন্দ্ৰ কৰি পৰিস্থিতি এতিয়াও উতপ্ত হৈ আছে ডিব্ৰুগড়ৰ লেজাইত।

ABOUT THE AUTHOR

...view details