ডিব্ৰুগড়, 4 জুলাইঃ বুধবাৰে নিশা ডিব্ৰুগড়ত উদ্ভৱ হোৱা অপ্ৰীতিকৰ পৰিস্থিতিক কেন্দ্ৰ কৰি আজি বন্ধ হৈ পৰে ডিব্ৰুগড় চহৰ ৷ ঘটনাক লৈ উত্তেজনা অব্যাহত থকাৰ সময়তে পুৱতি নিশা গ্ৰেপ্তাৰ হয় অভিযুক্ত গুনীন চেতিয়া আৰু সঞ্জয় আহমেদ নামৰ লোকদুজন ৷
ডিব্ৰুগড় ডেগাৰ কাণ্ডঃ দুজনৰ মৃত্য়ু, গ্ৰেপ্তাৰ মুল অভিযুক্ত - Arrested Main Accused
যোৱানিশা ডিব্ৰুগড়ত সংঘটিক ডেগাৰ আক্ৰমণৰ ঘটনাৰ জড়িত গুনীন চেতিয়া আৰু সঞ্জয় আহমেদ গ্ৰেপ্তাৰ ৷ বৃহস্পতিবাৰে ৰাতিপুৱা ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত লোকদুজনক ৷
উল্লেখ্য যে, যোৱানিশা ডিব্ৰুগড় চহৰত AR 20 4847 নম্বৰৰ চুইফট ডিজায়াৰ গাড়ীৰে ৰোগী কঢ়িয়াই অনা গুনীন চেতিয়া নামৰ লোকজনৰ সৈতে কোনো কথাত মতানৈক্যৰ সৃষ্টি হয় একাংশ লোকৰ ৷ এনে অৱস্থাত গুনীনে এখন ডেগাৰেৰে আক্ৰমণ সংঘটিত কৰাত মৃত্য়ু হয় দীপক মেচ আৰু ৰাতুল বৰা নামৰ লোকদুজনৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় প্ৰাণজিৎ ভূঞা, ৰূপম নাথ আৰু মনোজ দত্ত নামৰ লোক তিনিজন ৷
পৰৱৰ্তী সময়ত ঘটনাক লৈ উত্তপ্ত হৈ পৰে সমগ্ৰ ডিব্ৰুগড় চহৰ ৷ ইয়াৰ মাজতে একাংশই অৰুণাচলী লোকক আক্ৰমণ কৰাৰ লগতে দুই-এখন অৰুণাচলী বাহনৰো ক্ষতিসাধন কৰে ৷ ইতিমধ্য়ে আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত গুনীন আৰু সঞ্জয়ক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷