ডিব্ৰুগড়,25 ফেব্ৰুৱাৰী:সমাগত অসম বিধানসভাৰ নিৰ্বাচন । এটা মাহৰ পাছতেই ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন । নিৰ্বাচন আয়োগৰ সমান্তৰালভাৱে তৎপৰ হৈ পৰিছে ডিব্ৰুগড় প্ৰশাসন ।
নিবাৰ্চনক লৈ তৎপৰ ডিব্ৰুগড় জিলা প্ৰশাসন - Dibrugarh distric
সমাগত বিধানসভা নিৰ্বাচনক লৈ সমগ্ৰ ৰাজ্যৰ লগতে তৎপৰ হৈ পৰিছে ডিব্ৰুগড় জিলা প্ৰশাসন ৷
নিবাৰ্চনক লৈ তৎপৰ ডিব্ৰুগড় জিলা প্ৰশাসন
বুধবাৰে ডিব্ৰুগড় জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰশিক্ষণ কক্ষত আগন্তুক বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত জিলাখনৰ সাতটা বিধানসভা সমষ্টিৰ বাবে নিয়োজিত জ'নেল আৰু ছেক্টৰ বিষয়াসকলৰ লগত এখনি সভা অনুষ্ঠিত হৈ যায় । সভাখনত ভোটগ্ৰহণ কেন্দ্ৰৰ নিৰাপত্তা, যোগাযোগ আৰু নিশ্চিত নুন্যতম সা-সুবিধাৰ সন্দৰ্ভত বিতংকৈ আলোচনা কৰা হয় ।
লগতে পঢ়ক:চিকিৎসা ব্যৱসায় নহয়, এয়া এক সেৱাহে: হিমন্ত বিশ্ব শৰ্মা