ডিব্ৰুগড়, 14 মে’ : বৰ্ত্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনত ক’ভিড ১৯ সংক্ৰমিত ৰোগী সকলক আহি থকা দিনত সুচাৰুৰূপে চিকিৎসা সেৱা প্ৰদান কৰাৰ অর্থে ডিব্ৰুগড় জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ উদ্যোগত ডিকমৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ হোষ্টেলত ১০০ খন বিচনা যুক্ত ক’ভিড কেয়াৰ কেন্দ্ৰতো স্থাপন কৰা হৈছে । শুকুৰবাৰে, জিলাখনৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই, চক্ৰ বিষয়া আৰু স্বাস্থ্য বিভাগৰ লোকসকলৰ উপস্থিতত ডিকমৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ স্থাপন কৰা কোভিড কেয়াৰ কেন্দ্ৰটো পৰিদৰ্শন কৰে ।
নতুনকৈ স্থাপিত ক’ভিড কেয়াৰ কেন্দ্ৰ পৰিদৰ্শন ডিব্ৰুগড় জিলা উপায়ুক্তৰ - কস্তুৰবা গান্ধী বালিকা বিদ্যালয়
ডিব্ৰুগড়ৰ ডিকমৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ স্থাপন কৰা ক’ভিড কেয়াৰ কেন্দ্ৰ পৰিদৰ্শন কৰিলে জিলাৰ উপায়ুক্তই ৷ ক’ভিড ১৯ সংক্ৰমিত ৰোগী সকলক আগন্তুক দিনসমূহত সুচাৰুৰূপে চিকিৎসা সেৱা প্ৰদান কৰাৰ অর্থে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ উদ্যোগত স্থাপন কৰা হৈছে এই কেন্দ্ৰটো ৷
নতুনকৈ স্থাপন কৰা ক’ভিড কেয়াৰ কেন্দ্ৰ পৰিদৰ্শন কৰিলে ডিব্ৰুগড় জিলাৰ উপায়ুক্তই
উল্লেখযোগ্য যে, সাম্প্ৰতিক পৰিস্থিতিত ক’ভিড সংক্ৰমিত ৰোগী সকলক চিকিৎসা সেৱা প্ৰদানৰ ক্ষেত্ৰত আন কেন্দ্ৰসমূহৰ লগতে এই কেন্দ্ৰটোও যথেষ্ট সহায়ক হৈ উঠিব বুলি আশাবাদী ডিব্ৰুগড়বাসী ।
লগতে পঢ়ক :গোৱালপাৰা জিলাৰ ৰংজুলিৰ কুচধোৱাত পথ দুৰ্ঘটনা, নিহত 3