অসম

assam

ETV Bharat / state

চাহ বাগিচাৰ শিক্ষাৰ্থীৰ শৈক্ষিক বিকাশৰ বাবে ডিব্ৰুগড় প্ৰশাসনৰ বৈঠক

ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত চাহ বাগিচা প্ৰাথমিক শিক্ষক সংস্থাৰ লগত এখনি গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । উক্ত সভাত প্ৰধানকৈ ছাত্ৰ-ছাত্ৰীসমূহৰ শৈক্ষিক দিশৰ উন্নতি তথা চাহ বাগিচাৰ অন্তৰ্গত বিদ্যালয়সমূহৰ উন্নতি সাধনৰ ওপৰত বিশদভাৱে আলোচনা কৰা হয় ।

By

Published : Jun 23, 2021, 9:55 PM IST

Dibrugarh dc
চাহ বাগিচাৰ শিক্ষাৰ্থীৰ শৈক্ষিক বিকাশৰ বাবে ডিব্ৰুগড় প্ৰশাসনৰ বৈঠক

মৰাণ, ২৩ জুন : বিশ্বৰ মানচিত্ৰ অসম উজলি থকাৰ বহু কাৰণ আছে আৰু তাৰ ভিতৰত অন্যতম বুলি ক'লে সকলোৱে একে মুখে ক'ব অসমৰ চাহ খেতি । অসমৰ চাহ বিশ্বত প্ৰশংসাৰ পাত্ৰ । এই চাহ শিল্পক একান্ত বাবে নিৰৱচ্ছিন্নভাৱে ৰক্ষা কৰি আহিছে চাহ বাগিচাৰ(Tea garden) শ্ৰমিকৰ পৰা আৰম্ভ কৰি ক্ষুদ্ৰ কৰ্মচাৰীসকলে । কিন্তু সেই চাহ বাগিচাৰ শ্ৰমিক তথা কৰ্মচাৰীসকলে বছৰ বছৰ ধৰি সন্মুখীন হৈ আহিছে বিভিন্ন সমস্যাৰ ।

ইখনৰ পিছত সিখন চৰকাৰ আহিছে । কোনোবাখন চৰকাৰে তিনিবাৰ পৰ্যন্ত শাসনত আছে । শেহতীয়াকৈ বিজেপি চৰকাৰে একেৰাহে দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিছে । কিন্তু চাহ শ্ৰমিক তথা চাহ বাগিচা অঞ্চলৰ সমস্যা সদায় একেই আছে ।

আনকি প্ৰতিখন চৰকাৰে চাহ শ্ৰমিকসকলৰ(tea worker) উন্নয়নৰ বাবে বিভিন্ন প্ৰতিশ্ৰুতি দি আহিছে লগতে বিভিন্ন ধৰণৰ উন্নয়নমূলক আঁচনিও ৰূপায়ণ কৰি আহিছে । কিন্তু প্ৰকৃতাৰ্থত সেই আঁচনি ঢুকি নাপাই সাধাৰণ চাহ শ্ৰমিকে । সেই আঁচনিসমূহৰ ভিতৰত অন্যতম আঁচনি হিচাপে বিবেচিত হৈ আহিছে আদৰ্শ বিদ্যালয় স্থাপন ।

চাহ বাগিচাৰ শিক্ষাৰ্থীৰ শৈক্ষিক বিকাশৰ বাবে ডিব্ৰুগড় প্ৰশাসনৰ বৈঠক

বিগত চৰকাৰে চাহ বাগিচাসমূহত আদৰ্শ বিদ্যালয় (Model school) স্থাপনৰ বাবে এক আঁচনি গ্ৰহণ কৰিছিল । কিন্তু দেখা যায় যে এই বিদ্যালয়সমূহ পৰ্যাপ্ত নহয় । সেয়ে ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ৰ(Dibrugarh Dc office) সভাকক্ষত জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত চাহ বাগিচা প্ৰাথমিক শিক্ষক সংস্থাৰ লগত এখনি গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । উক্ত সভাত প্ৰধানকৈ ছাত্ৰ-ছাত্ৰীসমূহৰ শৈক্ষিক দিশৰ উন্নতি তথা চাহ বাগিচাৰ অন্তৰ্গত বিদ্যালয়সমূহৰ উন্নতি সাধনৰ ওপৰত বিশদভাৱে আলোচনা কৰা হয় ।

যিহেতু চাহ বাগিচা অঞ্চলত থকা বহু বিদ্যালয়ৰ অৱস্থা অতি বেয়া লগতে ছাত্ৰৰ অনুপাতে শিক্ষকৰ সংখ্যা কম । সেয়ে বাগিচা অঞ্চলৰ শৈক্ষিক দিশৰ সামগ্ৰিক উন্নয়ন এই বৈঠকৰ মূল বিষয়বস্তু আছিল । সভাত অতিৰিক্ত শ্ৰম আয়ুক্ত, শ্ৰমিক পৰিদৰ্শকৰ লগতে জিলা শিক্ষা সমন্বয়কাৰীও উপস্থিত থাকে ।

লগতে পঢ়ক:চামগুৰিৰ পৰিস্থিতি পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

ABOUT THE AUTHOR

...view details