অসম

assam

ETV Bharat / state

ক’ভিড নিয়ন্ত্ৰণৰ বাবে অধিক তৎপৰ ডিব্ৰুগড় জিলা প্ৰশাসন - চিকিৎসক

মঙলবাৰে ডিব্ৰুগড়ৰ অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) তপন কুমাৰ গোঁহাই উপস্থিত হয় জকাই আৰু লেজাই কলাখোৱা আদৰ্শ চিকিৎসালয়ত চলি থকা ক'ভিড কেয়াৰ চেণ্টাৰসমূহত ৷ স্বাস্থ্য কৰ্মী সকলৰ লগত মত বিনিময় কৰাৰ লগতে ৰোগী সকলক প্ৰদান কৰি থকা চিকিৎসা সেৱা, ঔষধ তথা অক্সিজেনৰ ষ্টক আদিৰ বুজ লয় বিষয়া গৰাকীয়ে ৷

Deputy commissioner of Dibrugarh visited Covid care center
ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে তৎপৰ ডিব্ৰুগড় জিলা প্ৰশাস

By

Published : May 4, 2021, 11:00 PM IST

ডিব্ৰুগড়, 4 মে’ : ডিব্ৰুগড়ৰ জকাই আৰু লেজাই কলাখোৱা আদৰ্শ চিকিৎসালয়ত চলি থকা ক'ভিড কেয়াৰ চেণ্টাৰ সমূহৰ পৰিস্থিতিৰ বুজ ল'লে ডিব্ৰুগড় জিলাৰ অতিৰিক্ত উপায়ুক্তই ৷ বৰ্তমান পৰিস্থিতিত ক'ভিড ১৯ৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ লক্ষ্যৰে আৰু ৰোগী সকলক চিকিৎসা সেৱা প্ৰদান কৰাৰ বাবে জিলাখনৰ বিভিন্ন চিকিৎসালয় সমূহত ডিব্ৰুগড় জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ উদ্যোগত ক'ভিড কেয়াৰ চেণ্টাৰ স্থাপন কৰা হৈছে ।

ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে তৎপৰ ডিব্ৰুগড় জিলা প্ৰশাসন

ইয়াৰ লগত সংগতি ৰাখি মঙলবাৰে ডিব্ৰুগড় জিলা উপায়ুক্তৰ নিৰ্দেশ অনুসৰি অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) তপন কুমাৰ গোহাঁইয়ে জকাই আৰু লেজাই কলাখোৱা আদৰ্শ চিকিৎসালয়ত চলি থকা ক'ভিড কেয়াৰ চেণ্টাৰ কেইটাত উপস্থিত হয় ৷ বিষয়া গৰাকীয়ে, চেণ্টাৰ কেইটাত থকা চিকিৎসক ,স্বাস্থ্য কৰ্মী সকলৰ লগত মত বিনিময় কৰাৰ লগতে ৰোগী সকলক প্ৰদান কৰি থকা চিকিৎসা সেৱা, ঔষধ ,অক্সিজেনৰ মজুতৰ লগতে অন্যান্য যাৱতীয় দিশ সমূহৰ বিষয়ে বিভাগীয় কৰ্তৃপক্ষৰ পৰা বুজ লয় ৷ লগতে জকাই ক'ভিড কেয়াৰ চেণ্টাৰত সংস্থাপিত কৰা চি চি টিভি কেমেৰা সমূহ সঠিক ভাৱে কাৰ্যক্ষম হৈ আছেনে নাই এই বিষয়েও পৰ্যবেক্ষণ কৰে তেওঁ । এই সময়চোৱাত অতিৰিক্ত উপায়ুক্ত গৰাকীৰ সৈতে সহকাৰী আয়ুক্ত পাপৰি দাসো উপস্থিত থাকে ।

লগতে পঢ়ক :জখলাবন্ধাত বাগৰিল তেলৰ টেংকাৰ

ABOUT THE AUTHOR

...view details