ডিব্ৰুগড় , 16 মে’: ক'ভিড ১৯ সংক্ৰমণ প্ৰতিৰোধ সম্পৰ্কীয় শেহতীয়া চৰকাৰী নিৰ্দেশনাৰ পৰিপ্ৰেক্ষিতত ডিব্ৰুগড় জিলাত অত্যাৱশ্যকীয় সামগ্ৰী সমূহৰ যোগান সুনিশ্চিত কৰাৰ উদ্দেশ্যেৰে দেওবাৰে ডিব্ৰুগড় জিলা উপায়ুক্তই বিভিন্ন ব্যৱসায়ী সন্থা তথা বজাৰ সমিতিসমূহৰ প্ৰতিনিধি সকলৰ সৈতে এক আলোচনাত মিলিত হয় ।
উক্ত সভাত উপায়ুক্ত গৰাকীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ আহৰণ আৰু যোগানৰ ক্ষেত্ৰত পাইকাৰী ব্যৱসায়ীসকলে সন্মুখীন হোৱা সমস্যাৰ বুজ লয় আৰু এই ক্ষেত্ৰত যাৱতীয় বিভাগীয় পদক্ষেপ গ্ৰহনৰ আশ্বাস দিয়ে । ইয়াৰ লগতে, তেখেতে এই সংকটৰ সময়ত মোকাবিলা কৰিবলৈ ব্যৱসায়ীসকলক ৰাইজৰ হকে সেৱাৰ মনোভাবেৰে কাম কৰি যাবলৈ আহ্বান জনায় ।