অসম

assam

ETV Bharat / state

Martyred journalist Kamala Saikia: শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ ৩২ সংখ্যক মৃত্যু বাৰ্ষিকী - Demand for justice for journalists murder

মূল্যবোধ আৰু সমাজ সংস্কাৰক লক্ষ্য হিচাপে লৈ সাংবাদিকতা কৰি এগৰাকী সাহসী সাংবাদিক আছিল কমলা শইকীয়া । আজি এইগৰাকী শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ ৩২ সংখ্যাক মৃত্যু তিথি ।

Dibrugarh Press Club
শ্বহীদ সাংবাদিক কমলা শইকীয়া

By

Published : Aug 9, 2023, 8:47 PM IST

শ্বহীদ সাংবাদিক কমলা শইকীয়া

মৰাণ, ৯ আগষ্ট:আজি শ্বহীদ সাংবাদিক কমলা শইকীয়াক স্মৃতিচাৰণ সভাৰে সোঁৱৰিলে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে । ডিব্ৰুগড় চহৰৰ থানা চাৰিআলিৰ পি চি গগৈ কমপ্লেক্সত থকা ক্লাবৰ মজীয়াত শ্বহীদ সাংবাদিকগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মূখত বন্তি,পুষ্প,মাল্য অৰ্পণ কৰি ধূপ দি শ্ৰদ্ধাৰে স্মৰণ কৰে কমলা শইকীয়াক ।

বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক ৰাতুল গোহাঁইয়ে আঁত ধৰা অনুষ্ঠানত সভাপতি মনজিৎ বৰাই শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন কৰি হত্যাৰ ৩২ বছৰৰ পাছতো শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ হত্যাকাৰীক শাস্তি প্ৰদান কৰিব নোৱাৰাৰ কাৰ্যত ক্ষোভ প্ৰকাশ কৰে । কোনো চৰকাৰেই সমাজৰ বাবে অক্লান্ত সেৱা আগবঢ়াই অহা সাংবাদিকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিব পৰা নাই বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কমলা শইকীয়াকে ধৰি সাংবাদিকৰ হত্যাকাণ্ডৰ ন্যায় দাবী কৰে ডিব্ৰুগড়ৰ জ্যেষ্ঠ সাংবাদিকসকলে ।

লগতে পঢ়ক:Palm oil plantation in Assam: কেন্দ্ৰৰ সৰ্বনাশী সিদ্ধান্তক সাৰ্থকতা প্ৰদান কৰি মুখ্যমন্ত্রীয়ে ৰোপণ কৰিলে পাম অইলৰ গছপুলি; ৰাজ্যজুৰি প্ৰতিক্ৰিয়া

এই অনুষ্ঠানটোত ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সম্পাদক অনিল পোদ্দাৰ, জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ নন্দী,বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ যুটীয়া সম্পাদক জেচিম আহমেদ, আলোচনী সম্পাদক যাদৱ গগৈ,সহকাৰী সম্পাদক মুক্তামণি হাজৰিকা,সাংগঠনিক সম্পাদক টমাছ বুঢ়াগোহাঁইৰ লগতেই ডিব্ৰুগড়ৰ সাংবাদিকসকল উপস্থিত থাকি শ্বহীদ সাংবাদিকগৰাকীক শ্ৰদ্ধাঞ্জলি নিবেদন কৰে ।

লগতে পঢ়ক:DGP GP Singh: তিনিচুকীয়াত ডিজিপিৰ দুখনকৈ আইন-শৃংখলা পৰ্যালোচনা বৈঠক; আলফা (স্বাঃ)ৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ হুংকাৰ

উল্লেখ্য যে শ্বহীদ সাংবাদিক কমলা শইকীয়াই সাংবাদিকতাৰ জৰিয়তে সেই সময়ত আলফাৰ সংগ্ৰামক কঠোৰ ভাষাৰে সমালোচনা কৰি বাতৰি লিখিছিল । লগতে বিদেশী খেদা আন্দোলনত অংশগ্ৰহণ কৰি চৰকাৰৰ ৰোষত পৰিব লগা হৈছিল সাংবাদিকগৰাকী। ইয়াৰ মাজতেই ১৯৯১ চনৰ ৯ আগষ্টত দুৰ্বৃত্তই গুলীয়ে চিৰদিনৰ বাবে বন্ধ কৰি দিছিল নিৰ্ভীক সাংবাদিক কমলা শইকীয়াৰ কলম ।

লগতে পঢ়ক:Sonitpur Journalist Union : শ্বহীদ সাংবাদিক কমলা শইকীয়ালৈ শ্ৰদ্ধাঞ্জলি শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ

ABOUT THE AUTHOR

...view details