টিংখাং,১৭ ফেব্ৰুৱাৰী:ৰাজ্য চৰকাৰে অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষক পদৰ প্ৰাদেশীকৰণৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ বিৰুদ্ধে সৰৱ বিভিন্ন দল-সংগঠন । ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ৰাজগড়ত বুধবাৰে প্ৰতিবাদ সাব্যস্ত কৰে চিপিআই এম এলৰ কৰ্মীসকলে । একাংশ চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ বাবে চৰকাৰে কৰা ঘোষণাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ।
টিংখাঙত বিক্ষোভ প্ৰতিবাদ চিপিআই এম এলৰ - AS10071
ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ৰাজগড়ত বুধবাৰে প্ৰতিবাদ সাব্যস্ত কৰে চিপিআই এম এলৰ কৰ্মীসকলে । শিক্ষা বিভাগে চৰকাৰী বিদ্যালয় বন্ধৰ ঘোষণা কৰাকলৈ এই প্ৰতিবাদ । শিক্ষকৰ পদ নিয়মীয়াকৰণ কৰাৰ লগতে বিভিন্ন বিদ্যালয় প্ৰাদেশীকৰণৰ বাবে দাবী জনাই প্ৰতিবাদকাৰীয়ে ।
টিংখাঙত বিক্ষোভ প্ৰতিবাদ চিপিআই এম এলৰ
ইফালে ভেঞ্চাৰ স্কুলৰ শিক্ষকৰ পদ প্ৰাদেশীকৰণৰ নামত চৰকাৰে নিযুক্তি পত্ৰত বান্ধি দিয়া চৰ্ত অনুসৰি বিদ্যালয় বন্ধ হৈ যোৱাটো একপ্ৰকাৰে নিশ্চিত বুলি অভিযোগ কৰে প্ৰতিবাদকাৰীয়ে । কেৱল নিযুক্তি দিয়াই নহয় বিদ্যালয় প্ৰাদেশীকৰণৰ বাবে দাবী জনাই চিপিআই এম এলৰ কৰ্মীসকলে ।
লগতে পঢ়ক:আমগুৰি লাহদৈগড় মিচিং গাঁৱৰ পৰা আলি আঃয়ে লৃগাং উদযাপনৰ দৃশ্য