মৰাণ, 27 ছেপ্টেম্বৰ :গো-সুৰক্ষাৰ বাবে অসম চৰকাৰে নতুন আৰু কঠোৰ আইনৰ পোষকতা কৰি ইতিমধ্যেই ইয়াৰ বাবে আইন প্ৰণয়ন কৰাৰ পিছতো একাংশ লোকে চলাই আছে অবৈধভাৱে গো-মাংসৰ বিক্ৰী আৰু সৰবৰাহ । ডিব্ৰুগড় জিলাৰ জয়পুৰ আৰক্ষীয়ে দেওবাৰে গো-মাংস সৰবৰাহ কৰি থকা অৱস্থাত স্কুটীসহ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে । নামৰূপৰ অসম আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক নৱ কুমাৰ বৰাৰ নেতৃত্বত জয়পুৰ আৰক্ষীৰ এটা দলে অভিযান চলাই গ্ৰেপ্তাৰ কৰে মহিলাগৰাকীক ৷
জয়পুৰ আৰক্ষীয়ে মহিলাগৰাকীৰ স্কুটীৰ পৰা প্ৰায় ২০ কেজি গো-মাংস উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষীৰ আগত মহিলাগৰাকীয়ে দিয়া স্বীকাৰোক্তি অনুসৰি, বিগত বৰ্ষৰ লকডাউন সময়ৰ পৰা মহিলাগৰাকীয়ে জয়পুৰত অবৈধভাৱে গো-মাংস কাটি প্ৰতি দেওবাৰে নামৰূপত আৰু বুধবাৰে নাহৰকটীয়াত যোগান ধৰি আহিছিল ।