অসম

assam

By

Published : May 2, 2021, 5:33 PM IST

ETV Bharat / state

ডিব্ৰুগড়ত ধোঁৱাচাঙত উঠিল ক'ভিড প্ৰট'কল

ক'ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন আয়োগে ভোট গণনা কেন্দ্ৰসমূহলৈ জাৰি কৰিছিল কেতবোৰ নীতি-নিৰ্দেশনা ৷ ভোট গণনাৰ দিনটোতো কঠোৰভাৱে ক'ভিড নীতি পালনৰ বাবে দুখনকৈ নিৰ্দেশনা জাৰি কৰিছিল যদিও ডিব্ৰুগড়ৰ ল'ৰাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোট গণনা কেন্দ্ৰৰ কাষত স্থাপন কৰা ভোজনালয়ত দেখা গ'ল ভয়াৱহ দৃশ্য। ডিব্ৰুগড় জিলা প্ৰশাসনে ব্যৱস্থা কৰা ভোজনালয়ত পুৱাৰে পৰা দুপৰীয়ালৈকে দেখা গ'ল ভয়াৱহ জন সমাগম ৷ শ শ লোকে একেটা শাৰীতে থিয় হৈ গ্ৰহণ কৰিলে আহাৰ ৷

ডিব্ৰুগড়ত ধোৱা চাঙত উঠিল ক'ভিড প্ৰট'কল
ডিব্ৰুগড়ত ধোৱা চাঙত উঠিল ক'ভিড প্ৰট'কল

ডিব্ৰুগড়,2 মে':ৰাজ্যত এফালে মহামাৰীৰ ত্ৰাস আনফালে বিধানসভা নিৰ্বাচনৰ বিজয় উল্লাস ৷ ক'ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন আয়োগে ভোট গণনা কেন্দ্ৰসমূহলৈ জাৰি কৰিছিল কেতবোৰ নীতি-নিৰ্দেশনা ৷ ভোট গণনাৰ দিনটোতো কঠোৰভাৱে ক'ভিড নীতি পালনৰ বাবে দুখনকৈ নিৰ্দেশনা জাৰি কৰিছিল যদিও ডিব্ৰুগড়ৰ ল'ৰাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোট গণনা কেন্দ্ৰৰ কাষত স্থাপন কৰা ভোজনালয়ত দেখা গ'ল ভয়াৱহ দৃশ্য ।

ক'ভিড প্ৰট'কলৰ সকলো নীতি-নিৰ্দেশনাক জলাঞ্জলি দিয়া দেখা গ'ল খোদ জিলা প্ৰশাসনৰ লোকক ৷ ভোট গণনা কেন্দ্ৰত মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব মানি চলাটো বাধ্যতামূলক কৰিছিল ৷ কিন্তু ডিব্ৰুগড় জিলা প্ৰশাসনে ব্যৱস্থা কৰা ভোজনালয়ত পুৱাৰে পৰা দুপৰীয়ালৈকে দেখা গ'ল ভয়াৱহ সমাগম ৷ শ শ লোকে একেটা শাৰীতে থিয় হৈ গ্ৰহণ কৰিলে আহাৰ ৷

ডিব্ৰুগড়ত ধোঁৱাচাঙত উঠিল ক'ভিড প্ৰট'কল

কৰ্তব্যত নিয়োজিত লোকসকলক খাদ্য যোগানৰ নামত জিলা প্ৰশাসনে শৃংখলাবদ্ধতাৰ দিশটো আওকাণ কৰি ক'ভিডৰ ভয়াৱহতাক উদগনি দিয়া বুলি বিভিন্ন জনে কটাক্ষ কৰে ৷ ভোট গণনা প্ৰক্ৰিয়াত যিমান সংখ্যাক লোক নিয়োজিত হৈছে তাৰ তুলনাত ভোজনালয়ৰ পৰিসৰ কম আৰু একে সময়তে ক'ভিড প্ৰট'কল ভংগ কৰি নীতি নিয়ম অবিহনে দুপৰীয়াৰ আহাৰৰ ব্যৱস্থা কৰাতো চৰম দুৰ্ভাগ্যজনক বুলি মত প্ৰকাশ কৰিছে বিভিন্নজনে ৷

বহু সচেতন বিষয়া কৰ্মচাৰী আৰু সাংবাদিকে জিলা প্ৰশাসনৰ এই কাৰ্যত অবাক মানি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । উল্লেখ্য যে, ডিব্ৰুগড় চহৰৰ মিলন নগৰৰ ল'ৰাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই ঘটনাই ক'ভিড সংক্ৰমণক লৈ চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাক ধোৱাচাঙত তুলিছে বুলিও মন্তব্য কৰে একাংশ সাংবাদিকে ৷

লগতে পঢ়ক:বিজয় উৎসৱ আয়োজনকাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ নিৰ্দেশ

ABOUT THE AUTHOR

...view details