অসম

assam

ETV Bharat / state

অইলৰ এম্বুলেন্সে আদবাটতে এৰি গ’ল ক'ভিড আক্ৰান্ত গৰ্ভৱতী মহিলাক

নাহৰকটীয়াৰ জনসমাগমৰ মাজত এগৰাকী ক'ভিড আক্ৰান্ত গৰ্ভৱতী মহিলাক এৰি থৈ গ’ল অইল ইণ্ডিয়া লিমিটেডৰ এম্বুলেন্সে ৷ দুলীয়াজানৰ অইলৰ চিকিৎসালয়ত ক'ভিড ১৯ৰ অৱস্থিতি ধৰা পৰিছিল মহিলা গৰাকীৰ ৷

অইলৰ এম্বুলেন্সে আদবাটতে এৰি গ’ল ক'ভিড আক্ৰান্ত গৰ্ভৱতী মহিলাক
Covid patient abandoned by Ambulance at Naharkatia

By

Published : Apr 22, 2021, 8:42 PM IST

নাহৰকটীয়া , 22 এপ্ৰিল : এগৰাকী ক'ভিড আক্ৰান্ত গৰ্ভৱতী মহিলাক ঘৰলৈ আনি আদবাটতে নাহৰকটীয়া নগৰত এৰি থৈ গ’ল অইল ইণ্ডিয়া লিমিটেডৰ এম্বুলেন্সে ৷ অইলৰ চিকিৎসালয়ৰ এম্বুলেন্সত এনেকৈ ক'ভিড আক্ৰান্তক আনি জনসমাগমৰ মাজত এৰি যোৱা কাৰ্যকলৈ আৰম্ভ হৈছে তীব্ৰ সমালোচনাৰ ৷

Covid patient abandoned by Ambulance at Naharkatia

উল্লেখ্য যে বৃহস্পতিবাৰে নাহৰকটীয়াৰ পুৰণি গাঁৱৰ এগৰাকী গৰ্ভৱতী মহিলাই ৰুটিন স্বাস্থ্য পৰীক্ষা কৰাবলৈ উপস্থিত হৈছিল দুলীয়াজানৰ অইলৰ চিকিৎসালয়ত । উক্ত চিকিৎসালয় খনত মহিলা গৰাকীক ৰেপিড এণ্টিজেন টেষ্ট কৰাৰ পিছতেই তেখেতৰ গাত ক'ভিড ১৯ৰ অৱস্থিতি ধৰা পৰে । পৰৱৰ্তী সময়ত চিকিৎসালয়খনৰ পৰা মহিলা গৰাকীক হোম কোৱাৰেণ্টাইনৰ বাবে নিজা ঘৰলৈ এম্বুলেন্সত পঠিয়াই দিয়া হয় ৷ কিন্তু মহিলাগৰাকীৰ ঘৰ পাবলৈ মাত্ৰ কেই কিলোমিটাৰ মান থাকোতেই নাহৰকটীয়াৰ দৈনিক বজাৰ এলেকাত এম্বুলেঞ্চৰ সৈতে অহা স্বাস্থ্য কৰ্মীয়ে ৰোগাক্ৰান্ত মহিলাগৰাকীক এৰি যায় ৷ স্থানীয় লোকক গৰ্ভৱতী মহিলা গৰাকী ক'ভিড পজিটিভ বুলি কৈ এনেকৈ দায়িত্বজ্ঞানহীন ভাৱে এৰি যোৱা কাৰ্যক সকলোৱে দিছে গৰিহনা ৷ ইয়াৰ পিছতে সমগ্ৰ নাহৰকটীয়া নগৰত এতিয়া আতংকময় পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক :হুঁচৰি গোৱা ধনেৰে শিক্ষকে ৰং কৰিলে বিদ্যালয়ৰ চাৰিবেৰত

ABOUT THE AUTHOR

...view details