অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ৰ টাউন ৰে’ল ষ্টেচনত ক'ভিড আইচ’লেছন কেন্দ্ৰ স্থাপন

ডিব্ৰুগড়ৰ টাউন ৰে’ল ষ্টেচনত ২০টা ডবা সংযুক্ত ক'ভিড আই'চলেছন কেন্দ্ৰ স্থাপন ৷ মঙলবাৰে জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই পৰিদৰ্শন কৰিলে আইচ’লেছন কেন্দ্ৰটো ৷

Covid isolation centre set up in Dibrugarh Railway station
ডিব্ৰুগড়ৰ টাউন ৰেলষ্টেচনত ক'ভিড আই'চলেছন কেন্দ্ৰ স্থাপন

By

Published : May 11, 2021, 9:53 PM IST

ডিব্ৰুগড়,11 মে’: অনাগত দিনসমূহত ক'ভিড ১৯ ৰ সাম্ভাৱ্য পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ আৰু ক'ভিড ১৯ ত আক্ৰান্ত লোকসকলক যাতে যাৱতীয় চিকিৎসা সেৱা প্ৰদান কৰিব পৰা যায়, তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰে’ল বিভাগৰ দ্বাৰা ডিব্ৰুগড়ৰ টাউন ৰে’ল ষ্টেচনত ২০টা ডবাযুক্ত ক'ভিড আইচ’লেছন কেন্দ্ৰ স্থাপন কৰা হৈছে ।

ক'ভিড আইচ’লেছন কেন্দ্ৰ স্থাপন

মঙলবাৰে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই পৰিদৰ্শন কৰিলে এই বিশেষ ক'ভিড আইচ’লেছন কেন্দ্ৰটো ৷ উপায়ুক্ত গৰাকীয়ে বিভাগীয় কৰ্তৃপক্ষক প্ৰশাসনৰ তৰফৰ পৰা সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ কথাও উল্লেখ কৰে । উপায়ুক্ত গৰাকীৰ সৈতে এই সময়চোৱাত উপস্থিত থাকে অতিৰিক্ত উপায়ুক্ত ৰঞ্জিত কোঁৱৰ ।

ক'ভিড আইচ’লেছন কেন্দ্ৰ স্থাপন

উল্লেখযোগ্য যে, এই কেন্দ্ৰটোত ক'ভিড ১৯ ত আক্ৰান্ত লোকসকলক চিকিৎসা সেৱা প্ৰদান কৰাৰ বাবে মুঠ ৩৬০ খনকৈ বিচনাৰ ব্যৱস্থা কৰা হৈছে ৷ অক্সিজেনৰ লগতে অন্যান্য চিকিৎসা সেৱাসমূহো মজুত থাকিব বিশেষ ক'ভিড আইচ’লেছন কেন্দ্ৰটোত ।

লগতে পঢ়ক :শিৱসাগৰত কোনে শৰবিদ্ধ কৰিছে সেউজ প্ৰকৃতি?

ABOUT THE AUTHOR

...view details