মৰাণহাট, 4 আগষ্ট : ডিব্ৰুগড় জিলাৰ মৰাণস্থিত জৱাহৰ নবোদয় বিদ্যালয়স্থিত ক’ভিড কেয়াৰ চেণ্টাৰত ৰোগীয়ে চেন্টাৰত প্ৰদান কৰা চিকিৎসা সেৱা,আহাৰ আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ মানদণ্ড সন্দৰ্ভত ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ ওচৰত এখন অভিযোগ দাখিল কৰিছিল । অভিযোগৰ ভিত্তিত মঙলবাৰে উপায়ুক্তগৰাকীৰ নিৰ্দেশমৰ্মে স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ নৱজ্যোতি গগৈ আৰু মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া লম্ভিত হাজৰিকাই ক’ভিড কেয়াৰ চেণ্টাৰটো পৰিদৰ্শন কৰে ৷
মৰাণৰ ক’ভিড কেয়াৰ চেণ্টাৰত বেমেজালিৰ অভিযোগ উপায়ুক্তক - যুটীয়া সঞ্চালক
স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ নৱজ্যোতি গগৈয়ে পিপিই কিট পিন্ধি ক’ভিড কেয়াৰ চেণ্টাৰৰ ভিতৰত প্ৰৱেশ কৰি ৰোগীসকলৰ সৈতে মত বিনিময় কৰে আৰু তেওঁলোকৰ অভাৱ-অভিযোগৰ বুজ লয় ৷
স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ নৱজ্যোতি গগৈয়ে পিপিই কিট পিন্ধি ক’ভিড কেয়াৰ চেণ্টাৰৰ ভিতৰত প্ৰৱেশ কৰি ৰোগীসকলৰ সৈতে মত বিনিময় কৰে আৰু তেওঁলোকৰ অভাৱ-অভিযোগৰ বুজ লয় ৷ যুটীয়া সঞ্চালকগৰাকীৰ আগত একাংশ ৰোগীয়ে তেওঁলোকক প্ৰদান কৰা আহাৰৰ পৰিমাণ সামান্য কম হোৱা বুলি অভিযোগ কৰাৰ লগতে স্নানাগাৰসমূহৰ দুৰৱস্থা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱৰ কথা উল্লেখ কৰে ৷
যুটীয়া সঞ্চালকগৰাকীৰ লগত চেণ্টাৰটো পৰিদৰ্শন কৰিবলৈ যোৱা মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াইও চেন্টাৰটোৰ দায়িত্বত থকা চাফাই কৰ্মীসকলক নিৰ্দিষ্ট সময়ৰ মূৰে-মূৰে নিয়মীয়াকৈ স্নানাগাৰ,শৌচালয়সমূহ পৰিষ্কাৰ কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়ে ৷ একেদৰে ৰোগীসকলক চেণ্টাৰটোত প্ৰদান কৰি থকা আহাৰৰ মানদণ্ড আৰু পৰিমাণ নিৰীক্ষণ কৰি সেই সন্দৰ্ভতো সঠিক ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে ৷
লগতে পঢ়ক : ৰাজ্যত কৰ’ণা আক্ৰান্তৰ সংখ্যা 45275 লৈ বৃদ্ধি