মৰাণ, 7 চেপ্তেম্বৰঃ মৰাণ বিধান সভা সমষ্টিৰ হালধীবাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত দিখাৰি কিনাৰ এটা পথ মেৰামতিত হোৱা অনিয়মেই ইয়াৰ এক উদাহৰণ । স্থানীয় ৰাইজে সাংবাদিকৰ আগত কৰা অভিযোগ অনুসৰি শিলপুতাৰ পৰা দিখাৰী কিনাৰ সৰগফলা 'ন-আলি' নামৰ আলিটো মেৰামতিৰ বাবে প্ৰধান মন্ত্ৰী গ্ৰাম্য চড়ক যোজনাৰ অধীনত প্ৰায় দুই কোটি টকাৰ পুঁজি আৱন্তন দিয়া হৈছিল যদিও পথটো সম্পূৰ্ণ কৰিব পৰা নাই ঠিকাদাৰে । গড়কাপ্তানি বিভাগ, গ্ৰাম্য পথ সংমণ্ডল, ডিব্ৰুগড়ৰ তত্ত্বাৱধানত পথটোৰ মেৰামতিৰ দায়িত্ব লৈছিল ববিস্মৃতা চেতিয়া গগৈ নামৰ ঠিকাদাৰ গৰাকীয়ে । স্থানীয় ৰাইজে অভিযোগ কৰা মতে ২০১৮ চনতেই মেৰামতিৰ কাম সম্পূৰ্ণ কৰিব লগীয়া পথটো যেনেদৰে মেৰামতি কৰিব লাগিছিল তেনেদৰে কৰা নাই ঠিকাদাৰে ।
মৰাণত পথ নিৰ্মাণত দুৰ্নীতি - মৰাণ
পৰিবৰ্তনৰ কথা কোৱা চৰকাৰৰ নেতা মন্ত্ৰী বিধায়কে সততে কৈ থৈকে দ্ৰুত উন্নয়নৰ কথা ৷ কিন্ত মৰাণ বিধাণ সভা সমষ্টিত উন্নয়নৰ নামত বৃহৎ শূন্য । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ স্থিতি লোৱা হ'ব বুলি ঢাক ঢোল কোবাইছিল যদিও বহু ক্ষেত্ৰত এই প্ৰতিশ্ৰুতি যেন বুমেৰাং হোৱাহে পৰিলক্ষিত হৈছে ।
পথটোত স্থাপন কৰা কালভাৰ্ট সমূহ নতুন আৰু উন্নত মানদণ্ডৰ হ'ব লাগে যদিও ঠিকাদাৰে নতুন কালভাৰ্ট নলগাই পুৰণা কালভাৰ্ট স্থাপন কৰি কামৰ দায়িত্ব শেষ কৰিবলৈ চেষ্টা কৰিছে । ইয়াৰ উপৰিও পুৰণা পথটো ঠায়ে ঠায়ে চাপৰ হৈ থকাত বাৰিষা পথৰ ওপৰেৰে পানী বাগৰিবলৈ ধৰে । পথটোত মাটি পেলাই ওখ কৰি লোৱাৰ ক্ষেত্ৰতো ঠিকাদাৰে গুৰুত্ব দিয়া নাই । যাৰ বাবে পথটোৰ ঠায়ে ঠায়ে ফাঁট মেলিবলৈও আৰম্ভ কৰিছে । পথটোৰ এখন পকী দলং নিৰ্মাণ কৰা হৈছে যদিও আজি দুটা বছৰে আধা কামও শেষ কৰিব নোৱাৰিলে ঠিকাদাৰে । ফলত এখন বাঁহৰ দলঙেৰে অতি বিপদজনক ভাৱে ৰাইজে যাতায়ত কৰিব লগা হৈছে । ইফালে পথটোত হোৱা এই বিসংগতিৰ কথা ৰাইজে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈক অৱগত কৰিছিল যদিও বিধায়কে কোনো গুৰুত্ব দিয়া নাই বুলি ৰাইজে জানিবলৈ দিছে । উপায়হীন হৈ পৰা ৰাইজে পথটোত হোৱা অনিয়ম দূৰ কৰিবলৈ জিলা উপায়ুক্তৰ লগতে বিভাগীয় মন্ত্ৰীক আহ্বান জনাইছে ৷