মৰাণ,5 ডিচেম্বৰঃ২১ৰ বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে শাসক দল বিজেপিৰ ৰাজনৈতিক তৎপৰতা ক্ৰমাৎ বৃদ্ধি পাইছে । ৰাজ্যৰ প্ৰতিটো সমষ্টিতে দলৰ ভেঁটি শক্তি কৰিবলৈ নেতা মন্ত্ৰী বিধায়ক সকলে চেষ্টা চলাইছে । পিছ পৰি ৰোৱা নাই মৰাণৰ বিধায়ক চক্ৰধৰ গগৈও । কংগ্ৰেছ দলৰ শক্তিশালী কৰ্মীক নিজ দলত যোগদান কৰোৱাই দলৰ ভেঁটি শক্তিশালী কৰাত ব্যস্ত মৰাণৰ বিধায়ক গৰাকী ।
বিধায়ক চক্ৰধৰ গগৈৰ উপস্থিতিত মৰাণত কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান - মৰাণৰ বিধায়ক চক্ৰধৰ গগৈও
ৰাজ্যৰ প্ৰতিটো সমষ্টিতে দলৰ ভেঁটি শক্তি কৰিবলৈ নেতা মন্ত্ৰী বিধায়ক সকলে চেষ্টা চলাইছে । পিছ পৰি ৰোৱা নাই মৰাণৰ বিধায়ক চক্ৰধৰ গগৈও । কংগ্ৰেছ দলৰ শক্তিশালী কৰ্মীক নিজ দলত যোগদান কৰোৱাই দলৰ ভেঁটি শক্তিশালী কৰাত ব্যস্ত মৰাণৰ বিধায়ক গৰাকী ।
মৰাণ বিধান সভা সমষ্টিৰ গজপুৰীয়া পঞ্চায়তৰ শনিবাৰে এখন সাংগঠনিক সভাত অংশগ্ৰহণ কৰে বিধায়ক চক্ৰধৰ গগৈয়ে । সভাত ১০৮ নং খোৱাং গ্ৰান্টৰ (তিলৈত) অৰ্দ্ধ শতাধিক লোকে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰে ।
বুথ সভাপতি মৃদুল বৰুৱাই আয়োজন কৰা সভাখনিত মণ্ডলৰ সাধাৰণ সম্পাদক বিক্ৰম খাৰিয়া, OBC মৰ্চাৰ জিলা উপ-সভাপতি অৰুন দিহিঙীয়া, মণ্ডল কৃষাণ মৰ্চাৰ সভাপতি লোহিত চুতীয়া, মহিলা মৰ্চাৰ প্ৰতীমা দিহিঙীয়া আৰু দলৰ কেইবাগৰাকীও কৰ্মী উপস্থিত থাকে ।
লগতে পঢ়কঃ তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে প্ৰস্তুত কামৰূপ মহানগৰ জিলা প্ৰশাসন