অসম

assam

ETV Bharat / state

মাহমৰাত অস্তিত্বহীন হোৱাৰ দিশে কংগ্ৰেছ

2021 ৰ নিৰ্বাচনলৈ মাজত মাথো কেইটামান মাহ বাকী থকাৰ অৱস্থাতে মাহমৰাত অস্তিত্বহীন হোৱাৰ দিশে কংগ্ৰেছ ৷ বুধবাৰে মাহমৰা ডবা পঞ্চায়তৰ পৰছনি গাঁৱৰ অৰ্ধশতাধিক পুৰুষ মহিলাৰ কংগ্ৰেছ ত্যাগ ৷ কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান ৷

congress member joined in bjp in presence of minister jogen mohan at mahmora
মাহমৰাত অস্তিত্বহীন হোৱাৰ দিশে কংগ্ৰেছ

By

Published : Dec 17, 2020, 12:10 PM IST

মৰাণ, 17 ডিচেম্বৰ:বুধবাৰে মাহমৰা ডবা পঞ্চায়তৰ পৰছনি গাঁৱৰ অৰ্ধশতাধিক কংগ্ৰেছ দলৰ পুৰুষ মহিলাই কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ লগে লগে মাহমৰা সমষ্টিত কংগ্ৰেছ দল অস্তিত্বহীন হোৱাৰ দিশে আগবঢ়াৰ আশংকা কৰা হৈছে ৷ বুধবাৰে মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত এইসকল কংগ্ৰেছ কৰ্মীয়ে দল ত্যাগ কৰি বিজেপিত যোগদান কৰে ৷ মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই যোগদান কাৰ্যসূচীত মন্ত্ৰী গৰাকীয়ে সকলোকে ভাৰতীয় জনতা পাৰ্টীৰ গামোচা পিন্ধাই দললৈ আদৰণি জনায় ৷

মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত কংগ্ৰেছ কৰ্মীসকলে বিজেপিত যোগদান কৰে

2021 ৰ বিধানসভা নিৰ্বাচনলৈ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত প্ৰতিদিনেই বহু কংগ্ৰেছ কৰ্মীয়ে দল ত্যাগ কৰা পৰিলক্ষিত হৈছে ৷ কংগ্ৰেছ দলৰ কৰ্মীসকলে দল ত্যাগ কৰাৰ পৰিৱৰ্তে ৰাজ্যজুৰি শাসক দল বিজেপিয়ে অধিক তৎপৰতাৰে দলীয় ভেটি শক্তিশালী কৰিবলৈ চেষ্টা অব্যাহত ৰখা দেখা গৈছে ৷ কিন্তু বিজেপি দলৰ এই তৎপৰতাৰ বিপৰীতে মাহমৰা সমষ্টিত কংগ্ৰেছ দলৰ কোনো তৎপৰতা পৰিলক্ষিত হোৱা নাই ৷

লগতে পঢ়ক:টাই আহোম যুৱ পৰিষদৰ দুই ফৈদৰ মাজত তুংগত উঠিছে সংঘাত

ABOUT THE AUTHOR

...view details