অসম

assam

ETV Bharat / state

ক’ভিড-19ৰ সম্পৰ্কে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য - বিষয়টো গভীৰ ভাবে লওঁক

শুকুৰবাৰে পুৱা ডিব্ৰুগড়ৰ লক্ষ্মীনগৰস্থিত নিজা গৃহত সাংবাদিকৰ সৈতে মত বিনিময় কৰি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয়, অসমৰ ৰাইজক আহ্বান জনাইছো বিহু উদযাপন কৰক কিন্তু ক’ভিডৰ নীতি নিৰ্দেশনাৰ শৃংখলাবদ্ধতা অতুত ৰাখি। স্বাস্থ্য বিভাগ, চৰকাৰৰ নীতি নিৰ্দেশনা নিখুত ভাৱে পালন কৰক। বিষয়টো গভীৰ ভাবে লওঁক। যোৱাবাৰৰ দৰে এইবাৰো ৰাইজে চৰকাৰৰ সৈতে মিলি কভিডৰ বিৰুদ্ধে যুঁজ দিয়ক ।

ক’ভিড-19ৰ সম্পৰ্কে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য
ক’ভিড-19ৰ সম্পৰ্কে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য

By

Published : Apr 16, 2021, 8:52 PM IST

ডিব্ৰুগড়,16 এপ্ৰিল:ৰাজ্যবাসীক ৰঙালীৰ শুভেচ্ছা জনাই, ডিব্ৰুগড়ৰৰ সাংবাদিকৰ সৈতে বিহুৰ পুৱাৰ জলপান গ্ৰহণ কৰি, ডিব্ৰুগড়ৰ বিহুৰ বতৰৰ বুজ লৈ, ক’ভিডৰ সম্পৰ্কত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । শুকুৰবাৰে পুৱা ডিব্ৰুগড়ৰ লক্ষ্মীনগৰস্থিত নিজা গৃহত সাংবাদিকৰ সৈতে মত বিনিময় কৰি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয়, অসমৰ ৰাইজক আহ্বান জনাইছো বিহু উদযাপন কৰক; কিন্তু ক’ভিডৰ নীতি নিৰ্দেশনাৰ শৃংখলাবদ্ধতা অতুত ৰাখি। স্বাস্থ্য বিভাগ, চৰকাৰৰ নীতি নিৰ্দেশনা নিখুত ভাৱে পালন কৰক। বিষয়টো গভীৰ ভাৱে লওঁক। যোৱাবাৰৰ দৰে এইবাৰো ৰাইজে চৰকাৰৰ সৈতে মিলি ক’ভিডৰ বিৰুদ্ধে যুঁজ দিয়ক ।

ক’ভিড-19ৰ সম্পৰ্কে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য

লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, মই ভাবো এইবাৰো ক’ভিড যুঁজত ৰাইজে সফলতাৰে অতিক্ৰম কৰিব পাৰিব । বিহুৰ সাংস্কৃতিক সন্ধিয়াৰ শিল্পীলৈও আহ্বান, ক’ভিড-19ৰ স্বাস্থ্য বিভাগৰ দ্বাৰা দিয়া নীতি নিৰ্দেশনা উলংঘা নকৰিবলৈ আহ্বান । মুখ্যমন্ত্ৰীৰ মন্তব্য সকলোৰে দ্বায়িত্ব আছে সমাজ খনক সুস্থ কৰি ৰখা। নীতি নিৰ্দেশনা উলংঘা কৰাতো সমাজ খনৰ কাৰণে ক্ষতিকাৰক, সেইটো উপলব্ধি কৰা উচিত ।

লগতে পঢ়কঃ ক'ৰণা কালত বিহু পাতিবলৈ দিয়াক লৈ প্ৰশ্ন মানস ৰবীনৰ

ABOUT THE AUTHOR

...view details