অসম

assam

By

Published : May 15, 2021, 5:51 PM IST

ETV Bharat / state

সোমবাৰৰ পৰা ডিব্ৰুগড়ত নতুন সান্ধ্য আইন জাৰিৰ নিৰ্দেশনা

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত বিয়লি উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ শেহতীয়া ক'ভিড পৰিস্থিতি সন্দৰ্ভত অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ সৈতে আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী শৰ্মা ৷

সোমবাৰৰ পৰা ডিব্ৰুগড়ত নতুন সান্ধ্য আইন জাৰিৰ নিৰ্দেশনা
সোমবাৰৰ পৰা ডিব্ৰুগড়ত নতুন সান্ধ্য আইন জাৰিৰ নিৰ্দেশনা

ডিব্ৰুগড়,15 মে’:শনিবাৰে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত বিয়লি উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ।

শেহতীয়া ক'ভিড পৰিস্থিতি সন্দৰ্ভত অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ সৈতে আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী শৰ্মা ৷ মুখ্যমন্ত্ৰী শৰ্মাক সংগ প্ৰদান কৰে কেবিনেট মন্ত্ৰী বিমল বৰা, সঞ্জয় কৃষান, বিধায়ক প্ৰশান্ত ফুকন, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ।

ইয়াৰ পিছতে অসম চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত এখনি সংবাদমেল সম্বোধন কৰে ৰাজ্যৰ নৱ-নিৰ্বাচিত মুখ্যমন্ত্ৰীগৰাকীয়ে । ডিব্ৰুগড়ত সোমবাৰৰ পৰা ২ বজাৰ পৰিৱৰ্তে ১২ বজাৰ পৰা সান্ধ্য আইন দিয়াৰ পৰামৰ্শ উপায়ুক্তক ।

সোমবাৰৰ পৰা ডিব্ৰুগড়ত নতুন সান্ধ্য আইন জাৰিৰ নিৰ্দেশনা

জিলা উপায়ুক্তক ৫০ বছৰৰ ওপৰৰ ব্যক্তি হোম আইশ্বলেচনৰ ব্যৱস্থা কৰিবলৈ পৰামৰ্শ দিয়াৰ লগতে কন্টেইনমেন্ট জ’নৰ সংখ্যা বৃদ্ধি কৰাৰ পৰামৰ্শ প্ৰদান কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই । আনকি, দুখীয়া লোকক খাদ্য সামগ্ৰী তথা নিত্য-নৈমিতিক সামগ্ৰী যোগান ধৰাৰ ব্যৱস্থা হাতত ল’বলৈ জিলা উপায়ুক্তক নিৰ্দেশনা প্ৰদান কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

আনহাতে, ১৮-৪৪ বছৰৰ লোকৰ বাবে ২১ হাজাৰ ক’ভিড প্ৰতিশেধক মজুত থকাৰ কথা সদৰি কৰে ড৹ শৰ্মাই । আনকি অতি শীঘ্ৰেই কাৰ্যক্ষম হোৱাৰ দিশে চুপাৰ স্পেছিয়েলিটি হাস্পতাল ৷ এই বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়ক:টিংৰাই বিস্ফোৰণত নিহতৰ পৰিয়ালক সাক্ষাৎ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

ABOUT THE AUTHOR

...view details