ডিব্ৰুগড়,8 মাৰ্চ : ডিব্ৰুগড় জিলাত বিজেপিৰ অধিকাংশ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ পাচতেই সোমবাৰে কেইবাগৰাকীও বিধায়ক আৰু দলীয় নেতা-কৰ্মীৰ সৈতে গুৰুত্বপূৰ্ণ তথা তাৎক্ষণিক বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ ডিব্ৰুগড় চহৰৰ হোটেল টি কাউন্ত্ৰীত অনুষ্ঠিত হোৱা এই বৈঠকত আগন্তুক নিৰ্বাচনৰ ৰণকৌশল সম্পৰ্কে আলোচনা কৰা বুলি বিধায়ক প্ৰশান্ত ফুকনে মন্তব্য আগবঢ়ায় ৷
দলীয় প্ৰাৰ্থীৰ মনোনয়ন দাখিলৰ পাচতেই বৈঠকত মিলিত মুখ্যমন্ত্ৰী সোণোৱাল - মুখ্যমন্ত্ৰী সোণোৱাল
সোমবাৰে ডিব্ৰুগড়ত বিজেপিৰ অধিকাংশ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ পাচতেই তাৎক্ষণিক বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ কেইবাগৰাকীও বিধায়ক আৰু দলীয় নেতা-কৰ্মীৰ সৈতে আগন্তুক নিৰ্বাচনৰ ৰণকৌশল সন্দৰ্ভত আলোচনাত মিলিত হয় মুখ্য়মন্ত্ৰী গৰাকী ৷
মুখ্যমন্ত্ৰীৰ বৈঠক
উল্লেখ্য যে, ডিব্ৰুগড়ৰ উপায়ুক্ত কাৰ্যালয়ত মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকা, টিংখাঙৰ বিধায়ক বিমল বৰা আৰু দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাই মনোনয়ন পত্ৰ দাখিল কৰে ৷
লগতে পঢ়ক :গহপুৰত মনোনয়ন পত্ৰ দাখিল কৰিলে ৰিপুণ বৰাই