অসম

assam

ETV Bharat / state

কলাইগাঁৱৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

অন্ধবিশ্বাস,অপসংস্কৃতিৰ বিৰুদ্ধে সকলো এক হ'ব লাগিব । এই ঘটনাক দুৰ্ভাগ্যজনক আখ্যা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷

By

Published : Jul 8, 2019, 6:28 PM IST

কলাইগাঁৱৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ডিব্ৰুগড়, 8 জুলাই : কলাইগাঁৱৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ অন্ধবিশ্বাস,অপসংস্কৃতিৰ বিৰুদ্ধে সকলো এক হ'ব লাগিব । একবিংশ শতিকাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত এনেধৰণৰ অন্ধবিশ্বাস আৰু অপসংস্কৃতিৰ ঘটনা সংঘটিত হোৱাটো অতি দুৰ্ভাগ্যজনক বুলি আখ্যা দি সামাজিক ব্যাধিৰ বিৰুদ্ধে সকলোকে সজাগ আৰু সচেতন হ'বলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে । ডিব্ৰুগড়ত সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ শুভ বৰুৱা বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰি এই আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

কলাইগাঁৱৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ

উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি 2019 বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত কলা শাখাত অসমৰ ভিতৰত পঞ্চম স্থান লাভ কৰা শ্ৰুতি সোণোৱালক বঁটা প্ৰদানৰ লগতে নগদ এক লাখ টকা প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিষ্ণুৰাভা ৰংগমঞ্চত সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদে আয়োজন কৰা ২০১৯ বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীসকলক শুভ বৰুৱা শৈক্ষিক প্ৰতিভা বঁটা প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে ৷

ABOUT THE AUTHOR

...view details