অসম

assam

ETV Bharat / state

ক’ভিড প্ৰট’কল মানি চলিব লাগিব: সৰ্বানন্দ সোণোৱাল

অসমৰ ৰাইজে ক'ভিড প্ৰট’কল মানি চলিব লাগিব ৷ এপ্ৰিল মাহতে ডিব্ৰুগড়ত ১৪৯ জনলৈ বৃদ্ধি হৈছে কৰ’ণা আক্ৰান্তৰ সংখ্যা ৷ লগতে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে কৰ’ণাৰ বাবে দিয়া নীতি-নিৰ্দেশনা কঠোৰভাৱে পালন কৰাটো অতি জৰুৰী বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

অসমৰ মানুহে ক’ভিড প্ৰ’ট’কল মানি চলিব লাগিব:সৰ্বানন্দ সোণোৱাল
অসমৰ মানুহে ক’ভিড প্ৰ’ট’কল মানি চলিব লাগিব:সৰ্বানন্দ সোণোৱাল

By

Published : Apr 11, 2021, 10:54 PM IST

ডিব্ৰুগড়,11এপ্ৰিল : দেওবাৰে অসম চিকিৎসা মহাবিদ্যালয়ত হোৱা এক পৰ্যালোচনা অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে ক’ভিড-19 সন্দৰ্ভত মন্তব্য কৰে ৷

অসমৰ ৰাইজে ক'ভিড প্ৰট’কল মানি চলিব লাগিব ৷ এপ্ৰিল মাহতে ডিব্ৰুগড়ত ১৪৯ জনলৈ বৃদ্ধি হৈছে কৰ’ণা আক্ৰান্তৰ সংখ্যা ৷ লগতে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে কৰ’ণাৰ বাবে দিয়া নীতি-নিৰ্দেশনা কঠোৰভাৱে পালন কৰাটো অতি জৰুৰী বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

অসমৰ মানুহে ক’ভিড প্ৰ’ট’কল মানি চলিব লাগিব:সৰ্বানন্দ সোণোৱাল

আনহাতে, মুখ্যমন্ত্ৰী সোণোৱালে কয় যে, পুনৰ অসমৰ ৰাইজৰ বাবে এক প্ৰত্যাহ্বান আহি পৰিছে । সেয়ে সকলোৱে ক'ভিড পৰীক্ষাৰ বাবে সহযোগ কৰিব লাগিব । স্ব-ইচ্ছাই এই পৰীক্ষাৰ বাবে আগবাঢ়ি আহিব লাগিব । অসমৰ প্ৰতিগৰাকী নাগৰিকৰ সুৰক্ষা আৰু সু-স্বাস্থ্যৰ প্ৰতি আমি সদায় সজাগ আৰু সচেতন বুলি উল্লেখ কৰি ক’ভিড ভেকচিনৰ নাটনি হোৱা নাই বুলিও সাংবাদিকৰ আগত সদৰী কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

দেওবাৰৰ দিনটোত নতুনকৈ ১৯ গৰাকীৰ দেহত ক'ভিড ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে । ইয়াৰে ৫ গৰাকী ৰেপিড টেষ্ট আৰু ১৪ গৰাকী আৰটিপিচিআৰত পোৱা গৈছে । চলিত মাহত দেওবাৰ পৰ্যন্ত ১৪৯ জনলৈ সংক্ৰমণ ঘটিছে ক’ভিড 19 ৰ ৷ যোৱা ৮ এপ্ৰিলত সৰ্বাধিক ২১ জন লোক কৰ’ণাত আক্ৰান্ত হৈছে । সেয়ে শংকিত হৈছে জন সাধাৰণ । সমগ্ৰ দেশৰ লগতে ডিব্ৰুগড়তো দ্ৰুতগতিত ক’ভিডৰ সংক্ৰমণ হৈ আছে যদিও জন সাধাৰণে সচেতন বা ক'ভিড প্ৰট’কল মানি চলা পৰিলক্ষিত হোৱা নাই বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী সোণোৱালে ৷

লগতে পঢ়ক:ধুবুৰীত কৰ’ণাত আক্ৰান্তৰ সংখ্যা ৯ জনলৈ বৃদ্ধি

ABOUT THE AUTHOR

...view details